স্বাধীনতা দিৱস উপলক্ষে ধুবুৰীত লোক নিৰ্মাণ(পথ) বিভাগৰ আলোচনা চক্ৰ

106

স্বাধীনতা দিৱস উপলক্ষে ধুবুৰীত লোক নিৰ্মাণ(পথ) বিভাগৰ আলোচনা চক্ৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰ , ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ সমগ্ৰ অসমৰ লগত সংগতি ৰাখি আজি ধুবুৰী জিলাতো লোকনিৰ্মাণ(পথ)বিভাগৰ উদ্বোগত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন আলোচনা চক্ৰ সভা অনুষ্ঠিত হয় ৷ উক্ত আলোচনা চক্ৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাৱে উপস্থিত থাকে ধুবুৰী জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত অন্বামুথান এম, পি ৷ ধুবুৰী জিলাৰ ডি ডি চি শ্ৰীমতি কান্তা দাস । লগতে ধুবুৰী মহকুমাৰ ক্ষেএীয় পথ সংমণ্ডলৰ লোক নিৰ্মাণ(পথ) বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পৱন ডেকা,গৌৰীপুৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বনজিৎ অধিকাৰী , কাৰ্য্যবাহী অভিযন্তা লোক নিৰ্মাণ (পথ) বিভাগ বিলাসীপাৰা মহকুমা ক্ষেএীয় পথ সংমণ্ডলৰ বিষয়া যদু বসুমতাৰীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ উপৰিও ধুবুৰী জিলা পৰিষদৰ সদস্য বেবী বেগম , ৰোসনাৰা বেগম উপস্থিত থাকে ৷ আজিৰ আলোচনা চক্ৰখনত ধুবুৰী মহকুমাৰ ক্ষেএীয় পথ সংমণ্ডলৰ লোক নিৰ্মাণ (পথ) বিভাগৰ কায্যৱাহী অভিযন্তা পৱন ডেকাই ভাষণ প্ৰসংগত জিলাখনত ৰূপায়ন হৈ থকা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কাম-কাজৰ বিৱৰনী আৰু ইয়াৰ অগ্ৰগতিৰ ক্ষতিয়ান বিতংভাৱে আলোচনা কৰে ৷ ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন সন্থাৰ নিৰ্দেশ মতে ধুবুৰী জিলাতো ইতিমধ্যে উক্ত আঁচনীৰ জড়িয়তে প্ৰায় এহেজাৰ জনসংখ্যা বসতি প্ৰধান গাওঁত ৩৫০ খন , ৫০০ জনসংখ্যা থকা বসতি প্ৰধান গাওঁত ১৬৪ খন , আৰু ২৫০ জনসংখ্যা থকা বসতি প্ৰধান গাওঁত ৮৮ খন সংযোগ কৰা হৈছে লগতে বৰ্তমান ৬৮৮ কিঃ মিঃ গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণ কাম সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ৷ ইফালে , ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে “স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনি ৩ ৰ ৰূপায়ন , গ্ৰাম্যপথ নিৰ্মাণত নতুন প্ৰযুক্তি ব্যৱহাৰ ক্ষেত্ৰত ধুবুৰী জিলাত গ্ৰাম্য অঞ্চলৰ বিকাশত PMGSY ৰ ভুমিকাত ধুবুৰী জিলাখনত গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তি চেল ফিল কংক্ৰিট টেকনলজিৰে পেলনীয় সামগ্ৰী ব্যাৱহাৰ কৰা আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত চৰকাৰে নতুনকৈ আবন্টন দিয়া প্ৰায় ১৮২ কিঃমিঃপথ নতুন পথ সমুহ প্ৰযুক্তি টেকনলজিৰে কেনেদৰে নিৰ্মাণ কৰা হব , সেই বিষয়ে গৌৰীপুৰ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বনজিৎ অধিকাৰীয়ে আলোচনা চক্ৰ সভাখনত উপস্থিত থকা লোক সকলক বিতংভাৱে বুজাই দিয়াৰ লগতে ৮৮ খন পকীকৰণ দলংৰ কাম আৰম্ভ হৈছে , ইয়াৰে ইতিমধ্যে ৬৮ খন পকীকৰণ দলঙৰ কাম সমাপ্ত হোৱা বুলি বিষয়া গৰাকীয়ে ফটো গ্ৰাফৰ জড়িয়তে অৱগত কৰায় ৷