আনে কৰি যোৱা ভুলৰ বাবেই যদি নোমেজ উদ্দিন মণ্ডলেগ্ৰেপ্তাৰ হ’বলগীয়া হ’য় ,তেনেহ’লে লাট মণ্ডল ৰমজান আলী সেখ ধূৱা তুলসীৰ পাত আছিল নেকি?

143

আনে কৰি যোৱা ভুলৰ বাবেই যদি নোমেজ উদ্দিন মণ্ডলেগ্ৰেপ্তাৰ হ’বলগীয়া হ’য় ,তেনেহ’লে লাট মণ্ডল ৰমজান আলী সেখ ধূৱা তুলসীৰ পাত আছিল নেকি?
দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবুৰী , ১৮ ফেব্ৰুেৱাৰী : আনে কৰি যোৱা ভুলৰ বাবেই যদি নোমেজ উদ্দিন মণ্ডলে গ্ৰেপ্তাৰ হ’বলগীয়া হয় , তেনেহ’লে লাট মণ্ডল ৰমজান আলী সেখৰ বিৰুদ্ধে একেই বিভাগৰ লাট মণ্ডলে অভিযোগ কৰাৰ পিছতো বিভাগীয়ভাৱে কিয় তদন্তৰ নিৰ্দেশ দিয়া নহ’ল বুলি অভিযোগ উঠিছে । অভিযোগ মতে,তেনেহ’লে লাট মণ্ডল ৰমজান আলী সেখ ধূৱা তুলসীৰ পাত আছিল নেকি ? যদি লাট মণ্ডল ৰমজান আলী সেখ ধূৱা তুলসীৰ পাত আছিল , তেনেহ’লে গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল নোমেজ উদ্দিনে সাংবাদিকৰ আগত মিছা কথা কৈছিল নেকি ? যদি লাট মণ্ডল নোমেজ উদ্দিনে সছাঁ কথা কৈছিল,তেনেহ’লে বিভাগীয়ভাৱে লাট মণ্ডল ৰমজান আলীৰ বিৰুদ্ধে কিয় তদন্ত বা শাস্থিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, সেয়াও এক প্ৰশ্নৰ সৃষ্টি কৰিছে । অভিযোগ মতে,২০১৭ চনত তদানীন্তন লাট মণ্ডল ৰমজান আলী সেখৰ কাৰ্যকালত গৌৰীপুৰৰ অন্তৰ্গত আশাৰী কান্দি গাঁৱৰ ৪৪২ নং ম্যাদী পাট্ৰাৰ ২৬ নং দাগৰ এক বিঘা ১৩ লেছা , ১০ নং ম্যাদী পাট্ৰাৰ ২৭ নং দাগৰ দুই বিঘা ১১ লেছা মাটিত চিৰাজুল হকৰ নামত ৰেকৰ্ড ভুক্ত হৈছিল যদিও মূল ৰেকৰ্ডত উক্ত মাটিখিনি শিল্পা শোভাচাৰীয়াৰ নামত ৰেকৰ্ডভুক্ত কৰা আছিল । উক্ত মাটিৰ ২৬ নং দাগৰ এক বিঘা , ৪ কঠা , ১৩ লেছা আৰু ২৭ নং দাগৰ দুই বিঘা ১১ লেছা মাটি চিৰাজুল হকে ক্ৰয় কৰা বুলি যোৱা ২০১৭ চনৰ তিনি মেত ১১২/২০১৬-১৭ আৰু ১১৩/২০১৬-১৭ নং পথাৰ নামজাৰী গোচৰ মূলে সংশোধন কৰা হয় । ইপিনে , তদন্তৰ পিছত উক্ত মাটিৰ ২৬ নং দাগৰ এক বিঘা , ৪ কঠা , ১৩ লেছা আৰু ২৭ নং দাগৰ দুই বিঘা ১১ লেছা মাটিত দলিলমূলে প্ৰকৃততে পাট্ৰাদাৰ চিৰাজুল হকৰ কোনো দখল নাই বুলি লাট মণ্ডলৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ থাকে । কাৰণ উক্ত মাটিখিনি পূৰ্বৰ পৰাই পাট্ৰাদাৰ হিচাপে আছে মাটিৰ গৰাকী শিল্পা শোভাচাৰীয়া । উক্ত মাটিখিনিত শিল্পা শোভাচাৰীয়াৰ “পল কাৰখানা” আছিল বুলিও প্ৰতিবেদনত উল্লেখ আছে যদিও ইয়াৰ পিছতো উক্ত মাটিখিনি ৰহস্যজনকভাৱে চিৰাজুল হকৰ নামত নামজাৰী হয় ২০১৭ চনত । বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত তদানীন্তন লাট মণ্ডল ৰমজান আলী সেখে মাটিখিনি অবৈধভাৱে চিৰাজুল হকৰ নামত নামজাৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে লাট মণ্ডল নোমেজ উদ্দিনে । ইপিনে,শিল্পা শোভাচাৰীয়াই ঘটনা সন্দৰ্ভত এখন মিচ কেচ দিয়াৰ পিছত মাটিখিনি পুনৰ বিভাগীয় নীতি নিয়ম অনুসৰি শিল্পাৰ নামত নামজাৰী কৰা হয় ২০২০ চনত । কিছুদিন আগত সংবাদ মেলত লাট মণ্ডল নোমেজ উদ্দিনে কয় যে , লাট মণ্ডল ৰমজান আলীৰ সেখৰ দিনত হোৱা ভুলখিনি বিভাগীয় নিৰ্দেশ অনুসৰি মোৰ কাৰ্যকালত শিল্পাৰ নামত নামজাৰী কৰি সংশোধনী কৰা হৈছে । লগতে তেঁও গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত দুখ প্ৰকাশ কৰি কয়,আনে কৰি যোৱা ভুলৰ বাবেই মই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল । ইপিনে,ধুবুৰী ৰাজহ চক্ৰত থকা পাঁচ বছৰৰ অধিক সময়ত কৰ্মৰত থকা প্ৰায় সকলো লাট মণ্ডলক বদলি কৰিছে যদিও ৰশিদ আৰু মনছুৰ নামৰ লাট মণ্ডল দুয়োজনৰ ক্ষেত্ৰত ইমান নৰম স্থিতি কিয় বুলি অভিযোগ উঠিছে । অভিযোগ মতে , লাট মণ্ডল মনছুৰ আৰু ৰশিদে ধুবুৰী ৰাজহ চক্ৰত পাঁচ বছৰৰ অধিক সময় ধৰি কাৰ্যনিৰ্বাহ কৰি আছে যদিও ধুবুৰী জিলা উপায়ুক্তই এই দুই জন লাট মণ্ডলক প্ৰতি সহানুভূতিৰ জন্ম হৈছে কিয় , সেয়াও এক প্ৰশ্নৰ সৃষ্টি কৰিছে । আন এক অভিযোগ মতে,ধুবুৰী জিলাৰ লগত সংলগ্ন দক্ষিণ শালমাৰা ৰাজহ চক্ৰত কৰ্মৰত থকা প্ৰায়বোৰ লাট মণ্ডলে পাঁচ বছৰ ধৰি কাম কৰি আছে যদিও অকল এজন মণ্ডলক বদলি কৰি দায়িত্ব সামৰিছে বুলি অভিযোগত প্ৰকাশ । যদি পাচ বছৰৰ অধিক সময় এটা ঠাইত কাম কৰাৰ পিছত বদলি কৰাৰ নিয়ম আছে , তেনেহলে ধুবুৰী ৰাজহ চক্ৰৰ মনছুৰ আৰু ৰশিদৰ লগতে দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ লাট মণ্ডলৰ ক্ষেত্ৰত বৈষম্য কিয় বুলি প্ৰশ্ন উঠিছে।

Total Page Visits: 26 - Today Page Visits: 1