Uncategorizedঅসম

ধুবুৰী ঝগৰাৰপাৰ পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মিজানুৰ হকৰ বেলট পেপাৰৰ ক্ৰমিক নম্বৰ দুটা , ৰাইজৰ মাজত ব্যাপক চৰ্চা

ধুবুৰী ঝগৰাৰপাৰ পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মিজানুৰ হকৰ বেলট পেপাৰৰ ক্ৰমিক নম্বৰ দুটা , ৰাইজৰ মাজত ব্যাপক চৰ্চা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবুৰী , 3 ডিচেম্বৰ : ধুবুৰী ঝগৰাৰপাৰ পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মিজানুৰ হকৰ বেলট পেপাৰৰ ক্ৰমিক নম্বৰ দুটা বুলি বাতৰি পোৱা গৈছে ৷ ৰাইজৰ মাজত চৰ্চা মতে , কংগ্ৰেছ দলৰ ঝগৰাৰপাৰ পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মিজানুৰ হকে বেলেট পেপাৰৰ জৰিয়তে ভোট বিচাৰি আছে যদিও উক্ত বেলেট পেপাৰত ক্ৰমিক নম্বৰ দুটা থকাৰ বাবে ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷ চৰ্চা মতে , মিজানুৰ হকে নিজাকৈ ছপোৱা বেলেট পেপাৰৰ ক্ৰমিক নম্বৰ কিছুমানত 3 আৰু আন কিছুমান বেলেট পেপাৰত চাৰি (4) নম্বৰ বুলি উল্লেখ কৰিছে ৷ যাৰ বাবে ৰাইজৰ মাজত এক কৌতুকৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে , বেলেট পেপাৰত নিজৰ ক্ৰমিক নম্বৰ কিমান , সেই বিষয়ে কোনো ধৰণৰ অধ্যায়ন নথকা ব্যক্তিক কংগ্ৰেছ দলৰ টিকট দি হাহিৰ পাএ হিচাপে গঢ়ি তুলিছে বুলি বিৰোধীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷ আনহাতে , কংগ্ৰেছ দলৰ মাজত চিপৰাং ৰাজনীতি থকাৰ বাবে ঝগৰাৰপাৰ পঞ্চায়তৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মিজানুৰ হকৰ প্ৰতি সমৰ্থন নথকা বিষয়টিয়ে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে ৷ কিয়নো , কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মিজানুৰ হকৰ লগত থকা সহযোগিতা কৰা তথা গাইড কৰা ব্যক্তি সকলোৱেও ৰাজনীতিৰ বিষয়ে কোনো অধ্যায়ন নথকা বুলিও চৰ্চাত স্থান পাইছে ৷ পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে ৰাইজক কি বুজনি দিয়ে ,সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close