Uncategorized

ধুবুৰী লোকসভা সমষ্টিত আজমলৰ হেট্ৰিক

ধুবুৰী লোকসভা সমষ্টিত আজমলৰ হেট্ৰিক

দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, ২৩মেঃ- আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে ৷ ৪নং ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰ উদ্দিন আজমলৰ হেট্ৰিক মাৰি জয়লাভ ৷ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিজ বাসগৃহ সমষ্টি মানকাচৰত জাবেদ ইছলামে ভোট লাভ কৰে ৩৬৬১২ আৰু বৰ্তমানৰ কংগ্ৰেছ বিধায়ক মতিউৰ ৰহমান মণ্ডলৰ সমষ্টি মানকাচৰত কংগ্ৰেছৰ প্ৰাৰ্থী আবুতাহেৰ বেপাৰীয়ে ভোট লাভ কৰিবলৈ সক্ষম হয় ৪১২২২, বিপৰীতে আজমলে ৬৬৫৭৬ ভোট লাভ কৰে ৷ আজমলে হেট্ৰিক মাৰি ৪নং ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হোৱাত এ আই ইউ ডি এফৰ নেতা কৰ্মীৰ মাজত আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে ৷ পৰাজয় কৰি তিনি নাম্বাৰত আছে যদিও বিজেপি আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে, তথাপিও বিজেপি কৰ্মীৰ মাজত গেৰুৱা ৰং হানি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে ৷ ইফালে কংগ্ৰেছৰ পৰা উপযুক্ত প্ৰাৰ্থী নিদিয়াৰ বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আজমলে অভাৱনীয় ভাবে জয়লাভ হোৱা ৰাইজৰ মাজত চৰ্চিত হোৱা পৰিলক্ষিত হৈছে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close