Uncategorizedঅসম

নগাঁৱত হেজাৰ হেজাৰ সমৰ্থক, নেতা-কৰ্মীৰে ঢোলে দগৰে আহি মনোনয়ন পত্ৰ দাখিল প্ৰদ্যুৎ বৰদলৈৰ ,

নগাঁৱত হেজাৰ হেজাৰ সমৰ্থক, নেতা-কৰ্মীৰে ঢোলে দগৰে আহি মনোনয়ন পত্ৰ দাখিল প্ৰদ্যুৎ বৰদলৈৰ ,

বিপুল ভোটত জয়ী হ’ম: প্ৰদ্যুৎ বৰদলৈ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নগাঁৱৰ পৰা মোস্তাফা ছালিম আহমেদ, ২৬ মাৰ্চ: হেজাৰ হেজাৰ দলীয় কৰ্মী, সমৰ্থক, বহু সংখ্যক নেতাৰে আজি পুৱা প্ৰায় এঘাৰ বজাত নগাঁও চহৰত এক বিশাল সমদল উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰি দহ নম্বৰ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ হাতত নিজৰ মনোনয়নপত্ৰ দাখিল কৰে। এই উপলক্ষে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা উলিওৱা সমদলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা, ডাঃ অৰ্ধেন্দু কুমাৰ দে, প্ৰাক্তন বিধায়ক ডঃ ইদ্ৰিছ আলী, ডাঃ দুৰ্লভ চমুৱা, জোনজোনালী বৰুৱা, বিধায়ক নুৰুল হুদা আদিয়ে অংশ লয়। গায়ন বায়নৰ দল, বিহু দল, ঝূমূৰ নৃত্য,তিৱা, বড়ো, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰে সমৃদ্ধ সমদলত অংশগ্ৰহণ কৰা কংগ্ৰেছ কৰ্মী সকলে ৰাহুল গান্ধী জিন্দাবাদ, তৰুণ গগৈ জিন্দাবাদ, ৰিপুণ বৰা জিন্দাবাদ, প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ ধ্বণিৰে চহৰ খনৰ ৰাজপথ উত্তাল কৰি তোলে।পিছত বিশাল সমদল কৰি গৈ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে জিলা ৰিটাৰ্ণিং বিষয়াৰ হাতত দুপৰীয়া ডেৰমান বজাত মনোনয়নপত্ৰ দাখিল কৰে। তেওঁ মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা, ডাঃ অৰ্ধেন্দু দে, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। মনোনয়নপত্ৰ দাখিলৰ পাছত সাংবাদিকৰ আগত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়, “ৰাইজৰ উল্লাস দেখি নিশ্চিত হৈছো, এইবাৰ আমাৰ বিজয় নিশ্চিত।” ইপিনে, মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি পুৱাই উপস্থিত হয়গৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ জন্মস্থান বটদ্ৰৱা থানত ৷ সপত্নীক প্ৰদুৎ বৰদলৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক গৌতম বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই বটদ্ৰৱা থানত সেৱা নিবেদন কৰি আৰ্শীবাদ গ্ৰহন কৰে ৷ বৰদলৈক বটদ্ৰৱা থানত পৰিচালনা সমিতিৰ হৈ সভাপতি দেৱানন্দ দেৱ গোস্বামী, সাধাৰন সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, সহকাৰী সম্পাদক যোগেন বৰুৱা, কাৰ্যকৰী সদস্য কল্যান কৱিতা, প্ৰশান্ত ভড়ালী প্ৰমুখ্যে শ’লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ন দেৱ মহন্তই ধৰ্মবস্ত্ৰ, স্মৃতিগ্ৰন্থ আদিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বৰদলৈয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত শৰাই-নৈবেদ্য, ভকত সেৱাৰ অৰিহনা আদি আগবঢ়াই সেৱা নিবেদন কৰে ৷ সত্ৰাধিকাৰ প্ৰমুখ্যে কেৱলীয়া ভকতসকলে তেওঁ মনোকামনা পূৰনাৰ্থে আৰ্শীষ নিৰ্মালি প্ৰদান কৰি গোসাঁই মুৰত দিয়া ফাকু- নিৰ্মালী প্ৰদান কৰে ৷ বটদ্ৰৱাত এ অাই ইউ ডি এফৰ লগত মিত্ৰতা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় – ‘এ আই ইউ ডি এফৰ লগত আমাৰ কোনো ধৰনৰ মিত্ৰতা হোৱা নাই আৰু নহয় ৷ ধুবুৰীৰ লগতে এ আই ইউ ডি এফে প্ৰাৰ্থীত্ব দিয়া তিনিওখন আসনতে কংগ্ৰেছ দলে নিৰ্বাচন খেলিব ৷ মিত্ৰতাৰ যে কোনো কথা নাই সেই কথা ইয়াৰ দ্বাৰাই প্ৰমান হৈছে ৷ গতিকে মিত্ৰতাৰ কোনো প্ৰশ্নই নাই ৷ কংগ্ৰেছ দলৰ ভেটি বহুত সুদৃঢ় আৰু অসমত ১০ খন আসন আমি লাভ কৰিম ৷ ১০ খনতকৈ বেছি পালেও কোনো আচৰিত হবলগীয়া কথা নহব ৷’ বিৰোধী উপ-দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় – ‘কলিয়াবৰত সাংসদ গৌৰৱ গগৈ অভিলেখ সংখ্যক ভোটত বিজয়ী হৈ ৰাহুল গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীৰ আসন শুৱনি কৰিব ৷ কলিয়াবৰত গৌৰৱৰ কোনো প্ৰত্যাহ্বানেই নাই। সেয়ে তেওঁ বৰ্তমান দিল্লী, পশ্চিম বংগ আদিত দলৰ সভাপতি ৰাহুল গান্ধীৰ লগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে ৷’ নগাঁও লোকসভা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত ৰকিবুল হুছেইনে কয় – ‘বহু বছৰৰ মুৰত নগাঁও সমষ্টিটো কংগ্ৰেছে দখল কৰাটো নিশ্চিত হৈছে ৷ বিভিন্ন সমষ্টি ভোটাৰ ৰাইজে কংগ্ৰেছ দল প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক যিদৰে আদৰিছে, মৰম দিছে সেয়া অভূতপূৰ্ব ৷ সকলোৱে বিজেপিৰ ২০ বছৰীয়া অপ-শাসনৰ পৰা নগাওঁ লোকসভা সমষ্টিটো মুক্ত হোৱাটো বিছাৰিছে ৷’ কংগ্ৰেছ দলে ১০খনৰ ওপৰত এইবাৰ নিৰ্বাচনত অসমত আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে ৷ আনহাতে, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে কয়, “বটদ্ৰৱা থানৰ দৰে পূণ্যভুমিত সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ, পৰিচালনা সমিতিয়ে দিয়া আদৰ, মৰম, আৰ্শীবাদে মোৰ সাহস, উৎসাহ বহুগুণে বৃদ্ধি কৰিলে। গুৰুজনাৰ কৃপাত নগাওঁ লোকসভাত বিপুল ভোটত জয়যুক্ত হবলৈ সক্ষম হ’ম।”

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close