Uncategorizedঅসম

নগাঁৱৰ ধিং গেটত পথ দুৰ্ঘটনাত মছজিদৰ ইমামৰ মৃত্যু : অঞ্চলজুৰি শোক

নগাঁৱৰ ধিং গেটত পথ দুৰ্ঘটনাত মছজিদৰ ইমামৰ মৃত্যু : অঞ্চলজুৰি শোক

দুৰ্নীতিৰ দৰ্পন সেৱা , নগাঁৱৰ পৰা মোস্তাফা ছালিম আহমেদ, ১৮ মাৰ্চ : নগা‌ঁও চহৰৰ ধিং ৰোডৰ ধিং গেটত কালি নিশা প্ৰায় ৮ মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নগাঁও যান বাহন আৰক্ষী সূত্ৰই জনোৱা মতে, কালি নিশা চহৰখনৰ ছলছলিৰ পৰা ধিং গেট অভিমুখে আহি থকা এ এছ ০১- এ জি ৭৬৯২ নম্বৰৰ মটৰ চাইকেল খনক একে দিশৰ পৰা অহা এ এছ ০২ – এইচ ৫৩৭৭ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ী খনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত চালকৰ আসনত আলহাজ মৌলানা ছাহাব উদ্দিন(৫৩) গুৰুতৰ ভাবে আহত হোৱাৰ লগতে আৰোহী পত্নী সহ দুই সন্তানো আহত হয়। পিছত গুৰুতৰ বাবে আহত ছাহাবুদ্দিনক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত আদবাটতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, কৰ্মসুত্ৰে ধিং গেটত পৰিয়াল সহ বসবাস কৰা ছাহাবুদ্দিনৰ ঘৰ হোজাই জিলাৰ ডবকা নাহৰ বাৰীত। তেওঁ প্ৰায় ৩০ বছৰো অধিক কাল ধৰি স্থানীয় ধিং গেট জামে মছজিদত ইমামতি কৰি আহিছিল। অঞ্চলটোত সকলোৰে পৰিচিত অমায়িক স্বভাৱৰ ধাৰ্মিক লোকজনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেঁও পত্নীসহ তিনি পুত্ৰ ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত নগাঁও জিলা আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতি, চি চি অম অ’ৰ নগাঁও জিলা সমিতি , সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচন অসমৰ সভাপতি মোস্তাফা ছালিম আহমেদকে আদিকৰি বিভিন্ন ব্যক্তি, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close