Uncategorizedঅসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোৱৰ্ধনা মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ জোৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোৱৰ্ধনা মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ জোৰ সমদল

দুৰ্ণীতিৰ দৰ্পণ, নিউজ ব্যুৰো নজৰুল আলী আহমেদ, গোৱৰ্ধনা, ৩১ জানুৱাৰীঃ আজি প্ৰতাৰণা, জাতিদ্ৰোহিতা, অসম চুক্তিক উলংঘন কৰা, অস্তিত্ব ৰক্ষাৰ মহাৰণৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে গোৱৰ্ধনা মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ সহযোগত এখন জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্থ কৰে। উল্লেখ্য যে, বিজেপিৰ অসম তথা কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিলখনৰ জৰিয়তে বাংলাদেশী হিন্দুক অবৈধভাৱে অসমত জাপি দিব খোজাত গোটেই অসম ব্যাপি বিভিন্ন দল সংগঠন আন্দোলনমূখী হৈ পৰিছে। আজি গোৱৰ্ধনা মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ সহযোগত উত্তৰ ছাফাকামাৰৰপৰা গোৱৰ্ধনালৈ হাতে-হাতে প্লে কাৰ্ড লৈ সৰ্বানন্দ সনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰঞ্জিত দাস গো-বেক, বিজেপি চৰকাৰ হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে। জোৰ সমদলত গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ উপ সভাপতি আব্দুছ ছাত্তাৰে কয় যে, অসম চৰকাৰে অসম অাৰু অসমীয়াৰ আবেগক লৈ খেলা কৰি আছে। ৮৫৫ জন শ্বহীদৰ কেচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিক নস্যাৎ কৰি অসমত অবৈধভাৱে জাপি দিব খোজা নাগৰিকত্ব বিল কোনোপধ্যেই মানি লোৱা নহ’ব। প্ৰয়োজন হলে আমি নিজৰ জীৱন দিবলৈ প্ৰস্তুত তথাপিওঁ এই অসম ধ্বংসী বিল গৃহিত হব নিদিওঁ। গোৱৰ্ধনা মণ্ডল কংগ্ৰেছৰ সভাপতি তাইজুদ্দিন আলী আহমেদে কয় যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা দেৱৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিটো মণ্ডল, টাউন কমিটিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদল উলিয়াই বিজেপি চৰকাৰৰ এই জাতিধ্বংসী বিল প্ৰতিবাদ কৰা হয়। আজিৰ এই প্ৰতিবাদী সমদলৰ জৰিয়তে বিজেপি চৰকাৰক সকিয়াই দিব বিচাৰিছো যে, যেতিয়ালৈকে এই বাংলাদেশী প্ৰেমী নাগৰিকত্ব সংশোধনী বিলখন বাতিল নকৰে তেতিয়ালৈকে বিজেপিৰ কোনো এজন নেতাকেই শান্তিত টুপনী মাৰিবলৈ নিদিওঁ। উক্ত প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্থ কৰে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close