Uncategorizedঅসম

নাথ যোগী সন্মিলনি শাখা সমিতি গঠন

নাথ যোগী সন্মিলনি শাখা সমিতি গঠন

দুৰ্নীতিৰ দৰ্পন সেৱা; দেৰগাঁও, ২৪ মাৰ্চঃগোলাঘাট জিলা নাথ যোগী সন্মিলনি সমিতিৰ উপ সভাপতি নেত্ৰকমল নাথৰ সভাপতিত্বত দেৰগাওঁ ২নংৱাৰ্ডস্থিত অংগনাৱাডী কেন্দ্ৰৰ প্ৰাংগনত আজি এখনি সভা অনুষ্ঠিত হয়।এই সভাতে ত্ৰিলোচন নাথক সভাপতি আৰু ভৱানী নাথক সম্পাদক হিচাপে এখনি শাখা সমিতি গঠন কৰাৰ লগতে ৰাজীৱ নাথক সভাপতি আৰু উৎপল নাথক সম্পাদক হিচাপে লৈ গোলাঘাট জিলা নাথ যোগী ছাত্ৰ সন্থাৰ শাখা সমিতি খন গঠন কৰা হয় ৷ সভাত গোলাঘাট জিলাৰ বিভিন্ন বিষয়ৰ বিষয় ববীয়া ক্ৰমে পবন নাথ,টুটুমনি নাথ, ৰাজীব নাথ, জ্যোতিস্ময় নাথ, নীলোৎপল নাথ, ৰাজীৱ কুমাৰ নাথ আদি উপস্থিত থাকে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close