Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

পেঙেৰীত একেলগে তিনিগৰাকী ছাত্ৰী নিৰুদ্দেশ

পেঙেৰীত একেলগে তিনিগৰাকী ছাত্ৰী নিৰুদ্দেশ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ১৪ মেঃ তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰী গাৱঁৰ পৰা আজি পুৱতি নিশা একেলগে তিনি গৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাক লৈ পেঙেৰী বৰডুমচা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে৷নিৰুদ্দেশ হোৱা ছাত্ৰীকেইগৰাকী পেঙেৰী জাতীয় বিদ্যালয়ত অধ্যয়নৰত হৈ আছিল৷নিৰুদ্দেশ হোৱা ছাত্ৰী কেইগৰাকী নাম ক্ৰমে বৰষা মৰান (১৬) পিতা কমলেশ্বৰ মৰান, তৰালী মৰান(১৫) পিতা তুলসী মৰান আৰু চন্দনা মৰান (১৫) পিতা পৱন মৰান ৷ তিনিওটা পৰিয়ালে একেলগে নিৰুদ্দেশ হোৱা ঘটনাটোক লৈ পেঙেৰী থানাত এজাহাৰ দিছে যদিও আৰক্ষীয়ে নিৰুদ্দেশ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে স্বজমিন তদন্ত অব্যাহত ৰাখিছে ৷ নিৰুদ্দেশ হোৱা ছাত্ৰীকেইগৰাকীৰ পৰিয়াল লোকে জানিবলৈ দিয়া মতে, ছাত্ৰীকেইগৰাকী চন্দনা মৰানৰ ককাকৰ ঘৰত তিনি গৰাকীযি যোৱা নিশা একেলগে সহবাস কৰিছিল আৰু পুৱা প্ৰায় ৩- ৩০ বজাৰ পৰা নিৰুদ্দেশ হয় ৷ বৰ্তমান সময়ত বহু শিক্ষিত যুৱক যুৱতী সশস্ত্ৰ সন্ত্ৰাসবাদী দলত যোগদান কৰা সময়তে ,ৰাজ্যখনৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে দুচক্ৰ নাৰী দেহ ব্যৱস্থা বাতৰিসমুহ প্ৰচাৰ হৈ থকাক লৈ তিনিগৰাকী ছাত্ৰী একেলগে নিৰুদ্দেশ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীৰ তদন্তহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close