Uncategorized

পেঙেৰীত চোৰাং কয়লা পৰিবাহী ট্ৰাক জব্দ

পেঙেৰীত চোৰাং কয়লা পৰিবাহী ট্ৰাক জব্দ

দুৰ্নীতিৰ দপণ সেৱা,ডিগবৈ, ৮ জুনঃ তিনিচুকীয়া জিলাৰ অসম অৰুনাচল প্ৰদেশ সীমান্ত বৰ্তী অঞ্চল জাগুনৰ নামফাইৰ পৰা বোজাই কৰি নিয়া এখন চোৰাং কয়লা পৰিবাহী ট্ৰাক আজি পেঙেৰীত জব্দ কৰাৰ বাতৰি পোৱা গৈছে। ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰী বনাঞ্চলৰ মাজেৰে যোৱা ডিগবৈ পেঙেৰী সংযোগী পথত পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দল আৰু ৰাইজে অবৈধ কয়লা ভৰ্টি ২০ চকীয়া এই ট্ৰাকখন জব্দ কৰে। আজি দিনৰ ভাগত পেঙেৰী বনাঞ্চলৰ মাজৰে নথি পত্ৰ বিহীন ভাবে আহি থকা অৱস্থাত কয়লা ভৰ্টি আৰ জে ১৪ জি চি ৭৪৩৯ নম্বৰৰ ৰাজস্থানৰ পঞ্জীয়নকৃত ২০ চকীয়া ট্ৰাকখন জব্দ কৰি ডিগবৈ আৰক্ষী থানাত চমজাই দিয়ে। ‍ ট্ৰাকৰ ড্ৰাইভাৰ জনে কোনো কাগজ পত্ৰ নাই বুলি জানিবলৈ দিয়ে। প্ৰশাসনৰ নিষেধাজ্ঞাকো নেওচি কোনে এইদৰে দিন দুপৰতে চোৰাং কয়লা কঢ়়িয়াই আনিছিল সেই কথা পোহৰলৈ অহা নাই যদিও কয়লাখিনি জাগুনৰ নামফাই বনাঞ্চলৰ পৰা অনা হৈছিল বুলি বিশেষ সূত্ৰে জানিব পৰা হৈছে। বৰ্তমানে মাৰ্ঘেৰিটাৰ পৰা লিডু লেখাপানী পৰ্যন্ত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ সৃষ্টি হৈ যাতায়তৰবাবে অনুপযোগী হৈ পৰাৰ লগতে উক্ত পথেদি কয়লাৰ সৰবাহত প্ৰশাসনে বাধা আৰোপ কৰাত উক্ত কয়লা চক্ৰটোৱে সংগোপনে বৰডুমচা, পেঙেৰী আৰু ডিগবৈ আৰক্ষীক মেনেজ কৰি বৰডুমচা হৈ পেঙেৰী পথেদি কয়লা ট্ৰাকখন পাৰ কৰিব খোজোতেই আজি আছুৰ ৰোষত পৰে। আনফালে, সন্ধিয়ালৈ উক্ত কয়লা চক্ৰটোক ৰক্ষনাt বেক্ষন দিবলৈ এটা চক্ৰ উঠি পৰি লগা বুলি জানিব পৰা গৈছে।

Show More

2 Comments

  1. I not to mention my guys happened to be viewing the great secrets and techniques on your site then at once got a horrible feeling I had not thanked you for them. These men happened to be certainly joyful to read them and have really been tapping into these things. Appreciation for being so thoughtful and then for settling on this sort of really good topics most people are really needing to discover. My personal sincere regret for not expressing appreciation to you earlier.

  2. I in addition to my buddies appeared to be studying the best tips and hints found on your web site then immediately got a horrible suspicion I had not expressed respect to you for them. My people are already so excited to see all of them and now have extremely been loving them. Appreciate your genuinely simply accommodating and then for finding varieties of high-quality useful guides most people are really desperate to be informed on. Our honest regret for not expressing gratitude to you sooner.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close