Uncategorizedঅসম

ফেকামাৰী সমবায় সমিতিৰ সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা (অন্ন) আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠান

ফেকামাৰী সমবায় সমিতিৰ সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা (অন্ন) আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, 3 মাৰ্চ :- দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল সকল লৈ সুখবৰ । তিনি টকীয়া মূল্যৰ চাউল আজিৰ পৰা লাভ কৰিব এটকাত । ৰাজ্যৰ শাসকীয় বিজেপি মিত্রজোট চৰকাৰে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ লোকক সকাহ দিয়াৰ উদ্দেশ্যত তিনি টকীয়া মূল্যৰ ৰেচন কাৰ্ডৰ চাউল আজিৰ পৰা এটকাত লাভ কৰিব । উক্ত এটকীয়া মূল্যৰ চাউল যোগান ধৰাৰ বাবে আজি সমগ্ৰ অসমত আঁচনিটো শুভ উদ্বোধন কৰে । উল্লেখ্য যে, কালি দিনৰ ১০টা মান বজাত দঃ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী সমবায় সমিতিত জিলা প্ৰশাসনৰ উদ্যোগত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা (অন্ন) আঁচনি খনৰ শুভ উদ্বোধন কৰে । লগতে উক্ত আঁচনিৰ জৰিয়তে দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ লোকে কিঞ্চিত পৰিমানে হ’লেও সকাহ পাব বুলি জাহাঙীৰ আলোম মণ্ডলে ভাষণ আগবঢ়ায় । বিজেপিৰ চৰকাৰ দুখীয়া আৰু কৃষকৰ চৰকাৰ, দুখীয়া আৰু কৃষকৰ কাৰণে কেইবাটাও অভিলাষী আচঁনি প্ৰস্তুত কৰি দুখীয়া আৰু কৃষকৰ সহায় কৰিছে বুলি মন্তব্য কৰে জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আকতাবুৰ ৰহমানে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close