Uncategorizedঅসম

বঙাইগাঁওৰ মাণিকপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ তিথি উৎযাপন

বঙাইগাঁওৰ মাণিকপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ তিথি উৎযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, মাণিকপুৰ, ১৯ ছেপ্তেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বৰবিলা ৰাইনো ক্লাৱৰ উদ্যোগত আৰু বৰবিলা, কিছমৎ দ্বাৰিকা ৰাইজৰ সহযোগত বুধবাৰে দিনযোৰা বৰ্ণাধ‍্য কাৰ্য্যসূচীৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ তিথি উৎযাপন কৰা হয়। ৰাতিপুৱা ৬ বজাত প্ৰভাত ফেৰিৰে আৰম্ভ কৰে গুৰুজনাৰ ৫৭০ তম ২৪ সংখ্যক জন্ম জয়ন্তী। ৰাতিপুৱা ৭ বজাত ভাগৱত স্থাপন ৭-৩০ বজাত ৰাইনো ক্লাৱৰ পতাকা উত্তোলন ১০ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ভাগৱত ভ্ৰমণ দুপৰীয়া নাম প্ৰসঙ্গ, কন কন ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ খেলধেমালীৰ লগতে সন্ধিয়া ৬-৩০ বজাত বন্তি প্ৰজ্বলন কৰাৰ অন্তত আমন্ত্ৰিত নাম দলৰ নাম প্ৰদৰ্শন কৰাৰ পিছতে শলাগৰ শৰাই আগবঢ়াই উৎসৱৰ সামৰণি মাৰে। উৎযাপন সমিতিয়ে জানিবলৈ দিয়া মতে অহা ২০১৯ চনত ৰাইনো ক্লাৱৰ ২৫ বছৰ সম্পূৰ্ণ তথা গুৰুজনাৰ জন্ম জয়ন্তী উৎযাপন কৰা ২৫ বছৰ সম্পূৰ্ণ হব। ইয়াৰ লগত সংগতি ৰাখি আজিৰ উৎসৱৰ সামৰণিত আগন্তুক ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভনী কৰা হয়।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close