Uncategorized

বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত জলসিঞ্চন বিভাগৰ পানীযোগান প্ৰকল্প

বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত জলসিঞ্চন বিভাগৰ পানীযোগান প্ৰকল্প
বৰষুণৰ পানীয়েই একমাত্ৰ ভৰষা দুখীয়া কৃষকৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, মানিকপুৰৰ পৰা বিকাশ ৰয় , ২৭ জুলাইঃ এতিয়া শাওন মাহ ৷ কৃষক, ৰোৱনী দাৱনী সকল এতিয়া ব্যস্ত খেতিপথাৰত । কোনোবাই যদি কঠিয়া তুলিছে , কোনোবাই তুলিছে মৰাপাট ৰোৱনীয়ে ৰুইছে ভূই । ৰোদ বৰষুণ নেওচি সকলো গাৱলীয়া চহা কৃষক ব্যস্ত নিজ খেতিডৰা শস্য শ্যামলা কৰি বছৰটোৰ বাবে ভড়াল চহকী কৰাৰ । কিন্তু ইমান কৰাৰ পিছতো মাজে মাজে থমকি ৰৱ লগীয়া হৈছে কৃষক সকল একমাত্ৰ পানীৰ অভাৱত ।বৰষুণৰ পানীয়েই একমাত্ৰ ভৰষা মাণিকপুৰ অঞ্চলৰ বৰবিলা, ভাটিপাৰা আৰু খৰিবাৰীৰ কৃষকৰ । সময় মতে যদি বৰষুণ নপৰে , মুৰে কপালে হাত দি বহি থকাৰ বাদে গত্যন্তৰ নাই কৃষক সকলৰ । মানাহ নৈৰ পাৰত থকা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ পানীযোগান প্ৰকল্প । কিন্তু কৃষিভূমিত এটুপিও পানী যোগান ধৰিব পৰা নাই ৷ দুটা দশকৰো অধিক কাল এনেদৰে পৰি ৰৈছে পানী যোগান প্ৰকল্প । পানী বোৱাই লৈ যোৱা নলা বোৰ জংঘলে আবৰি ৰাখিছে,স্হানীয় একাংশ ব্যক্তিয়ে ৷ গোবৰ জাবৰেৰে পুতি পেলাইছে । খবৰ লোৱা নাই বিভাগীয় কতৃপক্ষই ।
চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী প্ৰকল্পটোত নিয়োজিত হৈ আছে যদিও মাহেকত এদিন বা দুদিন ইয়ালৈ আহিয়ে দায়িত্ব সামৰে । কি কংগ্ৰেছ , কি বিজেপি কোনো এখন চৰকাৰেই গুৰুত্ব নিদিলে এই প্ৰকল্পটোৰ প্ৰতি । স্হানীয় কৃষি জীৱি ৰাইজে অতি সোনকালে প্ৰকল্পটোৰ আন্ত গাঁথনি সম্পন্ন কৰি নিয়মীয়াকৈ পানী যোগান ধৰি ভুক্তভোগী কৃষক সকলক সকাহ দিবলৈ আহ্বান জনাইছে জাতি মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগান দিয়া সোনোৱাল চৰকাৰলৈ ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close