Uncategorized

বটদ্ৰৱাত ৰমজানৰ সামগ্ৰী বিতৰণ

বটদ্ৰৱাত ৰমজানৰ সামগ্ৰী বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ২২ মে : বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আজি ধনীয়ভেটিত দাৰুল উলুম মাদ্ৰাছা প্ৰাংগণত ৰমজান মাহ উপলক্ষে মাৰ্কাজুল মা’আৰিফ উদ্যোগত ইছা ফাউণ্ডেচনৰ সহযোগত ৰমজান মাহৰ সামগ্ৰী বিতৰণ কৰা হয়।বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী মৌজাৰ তিনিটা পঞ্চায়ত, হাতীচুংমৌজাৰ এটা পঞ্চায়ত, বটদ্ৰৱা মৌজাৰ বাৰটা পঞ্চায়তকে আদি কৰি মুঠ ষোল্লখন পঞ্চায়তত ৰমজান মাহৰ ৰোজা উপলক্ষে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৪০০পৰিয়ালক সামগ্ৰী বিতৰণ কৰা হয়।একো একোটা পৰিয়ালক ২৫কিলোগ্ৰাম চাউল,২লিটাৰ মিঠাতেল,৩কিলোগ্ৰাম ডালি,২কিলোগ্ৰাম খেজুৰ,৩কিলোগ্ৰাম চেনী,৩কিলোগ্ৰাম বুটমাহ দিয়া হয়।মাৰ্কাজুল মা’আৰিফ কৰ্মকর্তা তনজিম আহমেদ, ছামীম আহমেদৰ লগতে স্থানীয় বহুকেইজন সমাজ সেৱকৰ উপস্থিতিত সামগ্ৰী সমূহ বিতৰণ কৰা হয়।

Show More

9 Comments

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close