সাহিত্য

*বাঁহীৰ মাতত কিয়* *বাউলী হয় মন*””” ✍লোহিত কুমাৰ দাস।

*বাঁহীৰ মাতত কিয়*
*বাউলী হয় মন*”””

✍লোহিত কুমাৰ দাস।

নিজম নিটাল ৰাতি ভাহি আহে চিনাকি চিনাকি
সুৰ এটি,
ৰৈ আছোঁ অধীৰ অপেক্ষাৰে
শুনিবলৈ সেই সুমধুৰ বাঁহীৰ মাতটি,
উদ্বাউল কৰিছিল যিটি সুৰে তাহানিতে ।

নিগৰি আহিছিল সৰগী অমিয়া সেই সুৰৰ লহৰে লহৰে ,
আজিও বুকুত খুন্দিয়াই
বাৰে বাৰে
স্মৃতি ৰোমন্থনৰ প্ৰতিখিলা পাতে।

ভাৱনাৰ যমুনা তীৰত
কিয়বা বজাইছা বাঁহী কদম ডালত ?
হে নিলাজ কানু,
পৰাণে নসহে মোৰ
হিয়া উচাতন,
যদিও তোমাৰ ভকতিত গদগদ ,
বাউলী মই তোমাৰ সুমধুৰ
মুৰুলী তানত।

তোমাৰ বাঁহীৰ সুৰত শিল পমে
নৈয়ে উজাই বয়,
কোনোবা বিহুৱতীৰ
খোপাৰ কপৌফুল খোপাতে শুকায়।

টোপনি নাহিলে বুজা নাযায়
সপোন নো কি?
বাঁহীৰ মাতে স্পৰ্শ নকৰিলে হৃদয় , জনা নাযায়
কিয়নো বাউলী হয় মন।

%%%***%%%***%%%

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close