বালিপৰাৰ উদমাৰীত সেউজকৰণ আচনি মুকলি

0
17

বালিপৰাৰ উদমাৰীত সেউজকৰণ আচনি মুকলি

দুৰ্নীতিৰ দৰ্পণ সেৱা,তেজপুৰৰ পৰা মনিমালা বৰা:৭ জুলাই : শোণিতপুৰ জিলাৰ বালিপৰাৰ উদমাৰী গাওঁ পঞ্চায়তত আজিৰে পৰা সেউজীকৰণ অাঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ চৰকাৰীভাৰে প্ৰতিটো পঞ্চায়তৰ জৰিয়তে গছপুলি ৰোপন কৰি ধৰা সেউজীকৰণ কৰাৰ লগতে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ অংশৰূপে আজি বালিপৰাৰ – চাৰিদুৱাৰ পথৰ দুয়োকাষে উদমাৰী পঞ্চায়তৰ তৰফৰ পৰা গছপুলি ৰোপন কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠানৰ শুভাৰম্ভ কৰে চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে ৷ অনুষ্ঠানত উদমাৰী পঞ্চায়তৰ সভানেত্রী ৰেখাসেন ডেকা ,বালিপৰা পঞ্চায়তৰ সভানেত্রী বীণা হাজৰিকা ,ৰাজনীশ শইকীয়া ,বালিপৰা ব্যৱসায়ী সন্হাৰ সভাপতিকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্হিত থাকে ৷ উল্লেখ্য যে , উদমাৰী পঞ্চায়তে উক্ত সেউজীকৰণ আঁচনিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ লগতে পথৰ দুয়োকাষ সামৰি সৰ্বমুঠ এক হাজাৰ গছপুলি ৰোপন কৰা হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here