Uncategorizedঅসম

বিতৰ্কিত হোজাই বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

বিতৰ্কিত হোজাই বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বিশেষ প্ৰতিনিধি, 16 অক্টোবৰ: বৰ্তমান সময়ত অসমৰ ৰাজনীতিত বহু চৰ্চিত হোজাই বিধায়ক শিলাদিত্য দেৱে দুদিন মান পূৰ্বে দিয়া সাম্প্ৰদায়িক উচটনীমূলক বক্তব্যৰ বাবে ৰাজনৈতিক মহ লত খলকনিৰ সৃষ্টি হৈছে । সকলেই এক মুখে গৰিহণা দিয়াৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে । তাৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পালহাজী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিধায়ক হিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ কৰে । প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত শিলাদিত্য দেৱ মূর্দাবাদ ,শিলাদিত্য হুচিয়াৰ ,শিলাদিত্য দেৱ গো বেক, ,শিলাদিত্য দেৱক সদনৰ পৰা বহিস্কাৰ কৰক ,আদি শ্লোগানেৰে উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক ৰফিকুল ইছলামে কয় যে , শিলাদিত্য দেৱ জাতিদ্রোহী ,অসমৰ জাতীয় শত্ৰু ,তেওঁ অসমৰ পৱিত্ৰ সদনত থকাৰ কোনো নৈতিক যোগ্যতা নাই , সেয়ে তেওঁক চৰকাৰে অতি সোনকালে সদনৰ মজিয়াৰ পৰা বহিস্কাৰ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে অনাগত দিনত এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ তীব্ৰ সকীয়াই দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত আন আন নেতৃবৃন্দই শিলাদিত্য দেৱক শীগ্ৰেই গ্ৰেপ্তাৰ কৰি বিহীত ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনায় । প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সাংগঠনিক সম্পাদক ফুলচান আলী ,পালহাজী আঞ্চলিক কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ছৰুদ্দিন ,পালহাজী আঞ্চলিক আমছুৰ সাধাৰণ সম্পাদক মেহেবুব হকৰ লগতে শতাধিক লোক উপস্থিত থাকে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close