Uncategorizedঅসমসাহিত্য

বিপ্লৱী **** বিক্ৰম কলিতা

বিপ্লৱী ****

বিক্ৰম কলিতা

আজি বিপ্লৱ কৰিম
ৰাজপথত ওলায় প্ৰতিবাদ কৰিম,
জোৰ জ্বলাই সমদল ওলাম
জয়ধ্বনিৰে আকাশ বতাহ কপাই তুলিম।

সকলোৱে আহা আগবাঢ়ি
ডেকা-গাভৰু আৰু আই মাতৃ,
গাওঁ আহা জনতাৰ জয়গান
কিমান আৰু শোষিত-নিষ্পেষিত হ’ম।

নিঃশেষ কৰি দিওঁ আহা
পৰাধীনতাৰ গ্লানি,
লাচিতৰ দেশৰে ডেকা-গাভৰু
নাথাকিবা শুই-বহি আহা এতিয়াই আগবাঢ়ি।

বিপ্লৱী সত্তাক জগাই তোলোঁ
অহিংসাৰ প্ৰতিবাদ কৰোঁ,
ৰুদ্ধ হব নিদিওঁ বন্ধ কোঠাত
আমাৰ বিপ্লৱী সত্তাৰ চিঞৰ…।

গণতন্ত্ৰ আৰু সমাজতন্ত্ৰৰ
এটি এটি মন্ত্ৰক যদি শ্ৰদ্ধা কৰা,
তেন্তে উপহাস নকৰিবা বীৰ শ্বহীদৰ
কেঁচা তেজৰ মূল্য।

আভুৱা নকৰিবা বিপ্লৱীৰ
উদাত্ত কণ্ঠৰ শ্লোগান,
হিংসা-বিদ্বেষ নকৰা আমি
একো-একোজন বিপ্লৱী।

কাললৈ কীৰ্তি ৰখা সেইসকল
বীৰ শ্বহীদক মনত পেলাই
বিপ্লৱী তেজৰ লহৰ তোলোঁ আহা।

প্ৰমাণ কৰিবৰ হ’ল
আমি অগ্ৰগামী যুঁজাৰুৰ…!
সংগ্ৰামী….!
একো-একোজন বিপ্লৱী।
বিক্ৰম কলিতা
ষষ্ঠ ষাণ্মাসিক(উদ্ভিদ বিজ্ঞান বিভাগ)
জৱাহৰলাল নেহৰু মহাবিদ্যালয়,বকো

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close