Uncategorizedঅসম

বিলাসীপাৰাত পূৱ আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত শক্তি প্ৰজেক্ট সভা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

বিলাসীপাৰাত পূৱ আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত শক্তি প্ৰজেক্ট সভা
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বিলাসীপাৰা, 22 ছেপ্তেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি দুপৰীয়া ১ বজাত বিলাসীপাৰা ৰাজীৱ ভৱনত আৰু আবেলি ৩ বজাত বিলাসীপাৰা মহকুমা চৰ উন্নয়ন সমিতিত ৰাহুল গান্ধীৰ শক্তি প্ৰজেক্ট সম্পৰ্কে সভা অনুষ্ঠিত হৈ যায় । বিলাসীপাৰা পূৱ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি জহিৰুল ইচলামৰ সভাপতিত্বত বিলাসীপাৰা ৰাজীৱ ভৱনত শক্তি প্ৰজেক্ট সম্পৰ্কে আয়োজিত সভাত সৰ্বভাৰতীয় শক্তি প্ৰজেক্ট যুৱ নেতা তথা অসমৰ ভাৰপ্ৰাপ্ত নেতা ভেদোপ্ৰকাশ মিশ্ৰই মুখ্য অতিথি হিচাবে উপস্থিত থাকি ৰাহুল গান্ধীয়ে গোটেই ভাৰতবৰ্ষত শেহতীয়াকৈ শক্তি প্ৰজেক্ট জৰিয়তে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে , সেই সম্পৰ্কে সভাত উপস্থিত থকা দলী কৰ্মী তথা ৰাইজৰ আগত বিতং ভাৱে ভাষণ প্ৰদান কৰি বুজাই দিয়ে । উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত বাদশা, প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, যুৱ কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতি আলতাফ হুছাইন, প্ৰাক্তন জিলা পৰিষদৰ সদস্য খালিদ হুছাইন মুন্নাৰ লগতে এন এছ ইউ আইৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক মস্তোফা জামান সামিম আৰু কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ আদি উপস্থিত থাকি কংগ্ৰেছৰ শক্তি প্ৰজেক্ট সম্পৰ্কে আলোকপাত কৰে । সভাত কালি বিদ্যুত পৃষ্ট হৈ ছয়জন লোক মৃত্যু বৰণ কৰা লোক সকলৰ বাবে এক মিনিট সময় মন অবলম্বন কৰাৰ লগতে ৰাজীৱ ভৱনৰ সন্মুখতে বিভিন্ন শ্লগানেৰে ৰাফেল কেলেংকাৰী জড়িত থকা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে । একে দৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা মহকুমা চৰ উন্নয়ন সমিতিত ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আকতাৰ হুছেনৰ সভাপতিত্ব সভাত মুখ্য অতিথি হিচাপে ভেদো প্ৰকাশ মিশ্ৰই উপস্থিত শক্তি প্ৰজেক্ট সম্পৰ্কে ভাষণ প্ৰদান কৰে । সভাত প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা উপস্থিতিত বিলাসীপাৰা পশ্চিম সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ হাতৰ ছবিত ভোট নিদিয়া ব্যক্তি সকলক কঠোৰ সমালোচনা কৰে । সভাত অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলাৰ তত্যাৱধায়ক আব্দুৰ ৰূপচান ৰাজে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শক্তি প্ৰজেক্ট সম্পৰ্কে ভাষণ প্ৰদান কৰে । ইপিনে, উক্ত সভাত অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক মস্তোফা জামান সামিম আৰু কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ আদিৰ লগতে যুৱ কংগ্ৰেছ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ উপৰি প্ৰায় পাঁচ শতাধিক ৰাইজে উপস্থিত থাকে । সদৌ শেষত বিলাসীপাৰা থানা মোৰত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ ৰাফেল কেলেংকাৰী অভিযোগত অসমৰ শক্তি মন্ত্ৰীৰ প্ৰতিমুৰ্তি কৰি বিভিন্ন শ্লগানেৰে আকাশ পাতাল উত্তাল কৰি তোলে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close