EditorUncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষাসাহিত্য

বিশিষ্ট শিক্ষাবিদ-সত্ৰীয়া সংস্কৃতিৰ গৱেষক কমল চন্দ্ৰ গোস্বামীৰ বিয়োগ , পিতৃহাৰা হ’ল গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামী

বিশিষ্ট শিক্ষাবিদ-সত্ৰীয়া সংস্কৃতিৰ গৱেষক কমল চন্দ্ৰ গোস্বামীৰ বিয়োগ , পিতৃহাৰা হ’ল গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামী

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপ’ৰ্টাৰ , নগাঁও, ১৪ মে’ : বিশিষ্ট শিক্ষাবিদ, সত্ৰীয়া সংস্কৃতিৰ পণ্ডিত কমল চন্দ্ৰ গোস্বামী(৯৭)ৰ আজি পুৱা গুৱাহাটীৰ খানাপাৰস্থিত স্বদেশ নগৰৰ পুত্ৰ গৃহত ইহলীলা সম্বৰণ কৰে। কিছুদিন ধৰি অসুস্থ হৈ থকা গোস্বামীৰ বাধৰ্ক্যজনিত কাৰণত মৃত্যু হয়। ১৯২৩ চনত নদী দ্বীপ মাজুলীৰ আদিএলেঙী সত্ৰত তেওঁ জন্ম হৈছিল। মাজুলীৰ ৰাওনাপাৰাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত লক্ষীমপুৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই আদি এলেঙী সত্ৰৰ ক্ষতি সাধন কৰাৰ বাবে সত্ৰখন লক্ষীমপুৰ জিলাৰ বিহপুৰীয়ালৈ স্থানান্তৰ কৰা হয়। যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কিছুদিন বেতৰ ব্যৱসায়ৰ লগত জড়িত হৈছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৫২ চনত নগাঁও কলেজৰ অধ্যাপক হিচাপে যোগদান কৰে। তেতিয়াৰ পৰা তেওঁ পৰিয়াল সহ নগাঁও চহৰৰ মিলনপুৰত স্থায়ী ভাবে থাকিবলৈ লয়‌। তেওঁ এইখন মহাবিদ্যালয়ৰ ভুগোল বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ হিচাপে ১৯৮৪ চনত অৱসৰ গ্ৰহণ কৰে। জানিব পৰা মতে, তেওঁ এম কম ডিগ্ৰীৰ লগতে এম এচ চি ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰিছিল। তেওঁ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত নগাঁৱৰ গোপীনাথ দেৱগোস্বামীৰ বানিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে যোগদান কৰি কেবাবছৰ কাল অধ্যক্ষৰ দায়িত্বত আছিল। মৃত্যুৰ সময়লৈকে তেওঁ আদিএলেঙী সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিল। তেওঁ এগৰাকী বিশিষ্ট শিক্ষাবিদ হোৱাৰ ওপৰিও সত্ৰীয়া সংস্কৃতিত তেওঁৰ অগাধ দখল আছিল। তেওঁ সুন্দৰকৈ খোল বজোৱাৰ লগতে বৰগীত পৰিৱেশ কৰাত পাৰ্গত আছিল। তদুপৰি তেওঁ নৃত্য আদিৰ ক্ষেত্ৰতো দখল আছিল। অসম সত্ৰ মহাসভাৰ লগত জড়িত কমল চন্দ্ৰ গোস্বামী কিছুদিন অসম সত্ৰ মহাসভাৰ নগাঁও জিলা সমিতিৰ কিছুদিন দায়িত্বতো আছিল।গোস্বামীয়ে “মাজুলীৰ দিনবোৰ” নামৰ এখন গ্ৰন্থও ৰচনা কৰিছিল। নগাঁৱৰ সমাজ জীৱনৰ লগত ওত:প্ৰোত ভাবে জড়িত গোস্বামীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে নগাঁও। তেওঁৰ কৰ্মস্থলী নগাঁও মহাবিদ্যালয় আৰু গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ত গভীৰ শোকৰ ছাঁ পৰিছে। নগাঁও কলেজত অনুষ্ঠিত এক শোকসভাত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ-পণ্ডিত ড: নৰেন কলিতাই কয়, কমল চন্দ্ৰ গোস্বামীৰ মৃত্যু অসমৰ সমাজ জীৱন সংস্কৃতি ক্ষেত্ৰখনৰ বাবে অপুৰণীয় ক্ষতি হ’ল‌। সভাখনত কলেজখনৰ অধ্যক্ষ ড:শৰৎ বৰকটী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড: মানিক ক’ৰকে ধৰি শিক্ষানুষ্ঠানখনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়তো এখন শোকসভা অনুষ্ঠিত হয়। গোস্বামীৰ মৃত্যুত অসম সত্ৰ মহা সভাই গভীৰ শোক প্ৰকাশ কৰি কয়, তেওঁৰ মৃত্যু অসমৰ সত্ৰীয়া সংস্কৃতিখনৰ বাবে অপুৰণীয় ক্ষতি। মহাসভাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। গোস্বামীৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, অসম জাতিয়তাবাদী যুৱ পৰিষদ, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও প্ৰেছ ক্লাৱ, নগাঁও ইলেকট্ৰনিক মিডিয়া এচচিয়েছন, আজুৰ নগাঁও জিলা সমিতি, আপকুৰ নগাঁও জিলা সমিতি, নগাঁও জিলা বাৰ্তাজীৱি সংঘ, নগাঁও জিলা লেখিকা সমাৰোহ, শ্ৰীমন্ত শংকৰ মিচন, গ্ৰাম্য পুথিভঁৰাল সন্থা, গ্ৰাম বিকাশ পৰিষদ, নগাঁও ক্ৰীড়া সন্থা, নৱৰূপ জাতীয় বিদ্যালয়কে ধৰি নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী কেশৱ মহন্ত, ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, ৰকিবুল হুছেইন, গৌতম বৰা, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, সত্ৰীয়া সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰ, সাহিত্যিক উপেন্দ্ৰ বৰকটকী,বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া,নগাঁও আনন্দৰাম বৰুৱা ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড:সুৰজিৎ ভাগৱতী, অধ্যাপক নৱ কুমাৰ মহন্ত, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি কাতিবৰ চেঙা, সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকা, বিশিষ্ট সাহিত্যিক ডাঃ ৰেজাউল কৰিম, বিশিষ্ট সাংবাদিক ড:আবু হানিফাকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী,গল্পকাৰ তথা সাংবাদিক পুত্ৰ মনোজ গোস্বামী সহ দুই পুত্ৰ আৰু দুই কন্যা সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায়।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close