Uncategorizedঅসমদৰ্পণ বিশেষ

বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ , মদৰ ঘাটিত পৰিণত বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ চৌহদ ,

বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ ,
মদৰ ঘাটিত পৰিণত বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ চৌহদ ,

দুৰ্নীতিৰ দৰ্পণ সেৱা, মাণিকপুৰ ২২ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ কিৰ্ত্তনপাৰাত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন বছৰ বছৰ ধৰি বিকল হৈ আছে । গুৰত্ব নাই বিভাগীয় কতৃপক্ষৰ । উক্ত পানী যোগান আঁচনিৰ পৰা ৰাইজে এটোপাল পানীও পোৱা নাই । আঁচনিৰ সামগ্ৰী সমুহ বিকল হোৱাৰ লগতে আঁচনিখনৰ ভিতৰত কীৰ্তনপাৰা ক্ষুদ্ৰ স্বাস্হ্য কেন্দ্ৰৰ ১০৮ ৰ কৰ্মচাৰী সকলৰ বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আছে । পানী যোগান আচঁনিৰ ভিতৰত বস্তাই বস্তাই মদৰ বটল পৰি থকা পৰিলক্ষিত হৈছে । আঁচনিৰ ভিতৰত বসবাস কৰা ১০৮ ৰ কৰ্মচাৰী সকলে দিনটো টাচ খেলি দিন অতিবাহিত কৰা বুলি স্হানীয় ৰাইজে উল্লেখ কৰিছে । উল্লেখ্য যে , বঙাইগাঁও জিলাৰ অধিকাংশ বিশুদ্ধ খোৱাপানী যোগান আঁচনি বছৰ বছৰ ধৰি বিকল হৈ আছে । বিশেষকৈ নাম্বাৰপাৰা ৩য় খণ্ড বিশুদ্ধ খোৱাপানী যোগান আঁচনি, নাম্বাৰপাৰা ২য় খণ্ড , কোকিলা উত্তৰ আৰু দক্ষিণ , নোৱাগাওঁ ,অদলাগুৰী, চান্দামাৰী, মইনাপাৰা , আদি কৰি বৃহত্তৰ মাণিকপুৰ কোকিলা অঞ্চলৰ বহু কেইখন বিশুদ্ধ খোৱাপানী যোগান সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাত খাল, বিল, নদ নদীৰ বিজানু যুক্ত পানী খাই নানা বেমাৰত আক্ৰান্ত হ’বলগীয়া হৈছে । ইফালে , কীৰ্তনপাৰা পানী যোগান আঁচনিৰ নামত মাটি প্ৰদান কৰা পৰিয়ালটোৱে জনোৱা মতে, চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰাৰ নামত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ পিছতো আজিলৈকে চাকৰি প্ৰদান নকৰিলে বিভাগ তথা চৰকাৰে । পানী যোগান আঁচনি বন্ধ হৈ থকাৰ বাবে চাকৰিৰ আশা বাদ দি এতিয়া মাটিখিনি ঘুৰাই লব বিচাৰিছে পৰিয়ালটোৱে । আনহাতে , স্হানীয় ৰাইজে কীৰ্তনপাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি খন অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ লগতে আঁচনি খনৰ ভিতৰত থকা ১০৮ ৰ কৰ্মচাৰীৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close