বিশ্বকাপ ষ্টাম্পিংত দ্বিতীয় স্থান লাভ মহেন্দ্ৰ সিং ধোনীৰ

0
20

বিশ্বকাপ ষ্টাম্পিংত দ্বিতীয় স্থান লাভ মহেন্দ্ৰ সিং ধোনীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , দীপ মহন্ত , ০৭ জুলাই : শ্ৰীলংকাৰ বিৰূদ্ধে ভাৰতৰ ম্যাচত ৰবীন্দ্ৰ জাডেজাৰ বলত কুশল মেন্ডিসকক ষ্টাম্প কৰাত সাফল্যৰ মুকুটত নতুন অভিলেখ মহেন্দ্ৰ সিং ধোনীৰ । বিশ্বকাপত এইটো লৈ অষ্টম ষ্টাম্পিং কৰিলে ধোনীয়ে । বিশ্বকাপত ষ্টাম্পিং কৰাৰ ক্ষেত্ৰত দ্বিতীয় স্থান দখল কৰিলে এই ভাৰতীয় উইকেটকিপাৰ গৰাকীয়ে । এই ক্ষেত্ৰত আড্যাম গিক্ৰিষ্ঠ (অষ্ট্ৰেলিয়া) , মইন খান (পাকিস্থান) আৰু মুছফিকৰ ৰহমানক নেউচিল ধোনীয়ে । তেখেত সকলে বিশ্বকাপত কৰিছিল মুঠ সাতটাকৈ ষ্টাম্পিং । ধোনীৰ আগত এতিয়া অকল শ্ৰীলংকাৰ উইকেটকিপাৰ কুমাৰ সাঙ্গাকাৰা । বিশ্বকাপত তেখেতৰ ষ্টাম্পিংৰ সংখ্যা ১৩ । ধোনীৰ এই ষ্টাম্পিংয়ে প্ৰশংসা কঢ়িয়ালে বিশ্বকাপত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here