Uncategorizedঅসম

বিশ্বনাথত “ৰাণ ফৰ ভোট” শীৰ্ষক সমূহীয়া দৌৰ

বিশ্বনাথত “ৰাণ ফৰ ভোট” শীৰ্ষক সমূহীয়া দৌৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ চাৰিআলি, ১৭ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বিশ্বনাথ জিলাৰ প্ৰতিগৰাকী নাগৰিকক নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰি তোলাৰ উদ্দেশ্যে তথা নতুন প্ৰজন্মৰ ভোটাৰসকলক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া পৱিত্ৰ ৰাম খাউণ্ডৰ তৎপৰতাত আজি “ৰাণ ফৰ ভোট” নামৰ এক বিশেষ সমূহীয়া দৌৰ কাৰ্যসূচী অনূষ্ঠিত হয়। পুৱা প্ৰায় ৬-৩০ বজাত উপায়ুক্তগৰাকীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰ বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ সমীপৰ পৰা আৰম্ভ হৈ শান্তিপুৰৰ মাজেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ কাছাৰী ময়দানত সমাপ্ত হয়। এই কাৰ্যসূচীত বালিপুখুৰীস্থিত ২৪-অসম ৰাইফলছ, বিশ্বনাথ কলেজৰ এন চি চিৰ সদস্যসকল, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, বিশ্বনাথ আৰক্ষী নিৱেশৰ বিষয়া-কৰ্মচাৰীসকল, বিশ্বনাথ আৰবী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, বিশ্বনাথ প্ৰেছ ক্লাৱৰ সদস্যসকল, বহুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এক মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ লগতে এইবাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে জিলাখনৰ কোনো এগৰাকী ভোটাৰো বাদ পৰি নাযায়, তাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰেই এই সমূহীvয়া দৌৰৰ কাৰ্যসূচী হাতত লোৱা হৈছিল।
অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ গোটৰ সদস্যসকলোৱেও সক্ৰিয়ভাবে অংশগ্ৰহণ কৰে৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close