Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

বিশ্বনাথৰ বহৰমথুৰি বহাগী বিদায় সমাৰোহত বিপিন চাউদাং , মই কেতিয়াও মোৰ ল’ৰাক ধন ঘটিবৰ বাবে ব্যৱহাৰ কৰা নাই– কন্ঠশিল্পী বিপিন চাউডাং

বিশ্বনাথৰ বহৰমথুৰি বহাগী বিদায় সমাৰোহত বিপিন চাউদাং , মই কেতিয়াও মোৰ ল’ৰাক ধন ঘটিবৰ বাবে ব্যৱহাৰ কৰা নাই– কন্ঠশিল্পী বিপিন চাউডাং

দুৰ্নীতিৰ দৰ্পণ সেৱা , ত্ৰিবেণী বৰা , বিশ্বনাথ চাৰিআলি , ১৪মেঃ বিশ্বনাথত বিপিন চাউদাং ৷ একাংশ সংব্যাদ মাধ্যমে সমালোচনা কৰিছে যে , মই মোৰ সন্তানটোক কেৱল ধন ঘটিবৰ বাবেহে লৈ ফুৰো । কিন্তু এইটো গোকাট মিছা কথা । মই কেতিয়াও ধন ঘটিবৰ বাবে মোৰ ল’ৰাক ব্যৱহাৰ কৰা নাছিলোঁ । যিকোনো সাংবাদিকে যাতে এনেধৰণৰ মিছা বাতৰি প্ৰকাশ নকৰে , তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ । এই মন্তব্য অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউডাংৰ । বিশ্বনাথৰ অন্যতম ব’হাগী মেলা ‘বৰহমথুৰি ব’হাগী বিদায় সমাৰোহ’ৰ ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিবলৈ আহি শিল্পী গৰাকীয়ে এনেদৰে কয় । আনকি বিপিন চাউডাঙে কয় যে , মোৰ ল’ৰা ডাঙৰ হৈছে । সি এতিয়া নৱম শ্ৰেণীত । সি এতিয়া হোষ্টেলত থাকে । অসমৰ ৰাইজে যেনেদৰে ঢোল বজাবলৈ আশীৰ্বাদ কৰিছিল, তেনেকৈ এতিয়া তাক পঢ়াৰ ক্ষেত্ৰত অসমৰ ৰাইজে আশীৰ্বাদ কৰক । সোমবাৰে নিশা বিশ্বনাথ জিলাৰ লেহুগাৱত অনুষ্ঠিত বিহু খনৰ ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়াত হাজাৰ হাজাৰ দৰ্শকক বিহু আৰু বৈপ্লৱিক গীতৰে আপ্লুত কৰে শিল্পী বিপিন চাউডাঙে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close