EditorUncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

বোকাখাতত উন্নয়নৰ ফোপোলা ছবি , বিধ্বস্ত পথত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ 

বোকাখাতত উন্নয়নৰ ফোপোলা ছবি , বিধ্বস্ত পথত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ১৪ মে’ :ৰাজ্যৰ সৰ্বত্ৰে আজিও অপৰিবৰ্তিত বিকশিত অসমৰ অবিকশিত ৰূপ ৷স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিতে থকা তিলমাত্ৰও উন্নয়নৰ পোহৰ নপৰা এখন গাঁৱে উদঙাই দেখুৱাইছে বিকশিত অসমৰ এখন ফোঁপোলা ছবি ৷ বোকাখাত মহকুমাৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা এই গাঁওখনৰ নাম কান্ধুলিমাৰী গাঁও ৷ স্বাধীনতাৰ ৭২ বছৰৰ পাছটো কান্ধুলিমাৰী গাঁৱত নপৰিল উন্নয়নৰ এচিকুটমানো পোহৰ ৷ পূৱ কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন সকলো দিশৰ পৰাই আজিও উপেক্ষিত ৷ বাট-পথৰ দুৰৱস্থাই বছৰ-বছৰ ধৰি গাঁওবাসীক যমৰ যাতনা ভূগাই আহিছে ৷ বিগত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত গাঁওখনৰ বাট-পথ সমূহ সুচল কৰি তুলিবলৈ গাঁওখনৰ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰা স্বত্বেও কোনো সুফল নাপালে ৷ আনহাতে, পৰিৱৰ্তনৰ শ্লগান দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওচৰটো হাজাৰটা আবেদন-নিবেদন কৰি কৰি কান্ধুলিমাৰী ৰাইজ সম্প্ৰতি ভাগৰি পৰিল৷অৱশেষত ধৈৰ্যচ্যুতি ঘটিল কান্ধুলিমাৰী গাঁৱৰ ৰাইজৰ ৷ মঙ্গলবাৰে পুৱাই গাঁওখনৰ ৰাইজে ৰজাগাঁও কান্ধুলিমাৰী সংযোগী বিধ্বস্ত পথতে ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে ৷বছৰ বছৰ ধৰি কৰি অহা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ  প্ৰতাৰণাৰ বিৰুদ্ধে সমবেত হৈ ওলাই আহিল কান্ধুলিমাৰী গাঁৱৰ ৰাইজ৷ গাঁৱৰ মহিলা সকলে মূলপথটোৰ ওপৰত থকা এঁকাঠু বোকাত  কঠীয়া ৰুই ক্ষোভ উজাৰিলে ৷ আনহাতে, পুৰুষ সকলেও সমানেই বিধ্বস্ত পথটোৰ ওপৰত কোৰ মাৰি কঠীয়া ৰুবৰ বাবে মহিলা সকলক সুবিধা কৰি দিলে ৷ সম্প্ৰতি এই পথটোৰে ১০৮ সেৱাৰ লগতে বিদ্যালয়লৈও ছাত্ৰ-ছাত্ৰী সকল যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ বোকাময় বিধ্বস্ত পথটোৰ বাবেই জৰুৰীকালীন অৱস্থাৰ  প্ৰসুতিৰোগীকো জীৱনৰ পণ ৰাখি  সাঙীভাৰ কৰি লৈ যাব লাগে চিকিৎসালয়লৈ ৷ বছৰ-বছৰ ধৰি ভুগি অহা এনে যমৰ যাতনাৰ বাবেই মঙ্গলবাৰে পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে কান্ধুলিমাৰী গাঁৱৰ ৰাইজে ৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক শীঘ্ৰে এই পথচোৱা নিৰ্মাণ কৰি দিবলৈ ৰাইজে দাবী জনাইছে ৷ অন্যথা অনাগত দিনত গাঁওখনৰ ৰাইজে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close