Uncategorizedঅসম

বৰপেটা জিলাৰ অন্তৰ্গত জি চি আৰ হাইস্কুলত অনিয়ম , কৃষক মুক্তিৰ লগতে ক্ষুদ্ধ অভিভাৱক/ অভিভাবিকা

বৰপেটা জিলাৰ অন্তৰ্গত জি চি আৰ হাইস্কুলত অনিয়ম , কৃষক মুক্তিৰ লগতে ক্ষুদ্ধ অভিভাৱক/ অভিভাবিকা

দুৰ্নীতিৰ দৰ্পণ সেৱা, প্ৰতিবেদক বৰপেটা , 31 অক্টোবৰ : বৰপেটা জিলাৰ অন্তৰ্গত জি চি আৰ হাইস্কুলত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰী , অভিভাৱক সকলে । প্ৰধান শিক্ষক মজুমদাৰে ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া পাবলগীয়া ইউনিফৰ্মৰ ধন আত্মসাত কৰি দুযোৰ ইউনিফৰ্ম দিয়াৰ বিপৰীতে এযোৰ দিয়ে যদিও নিম্নমানৰ জোখ-মাখ নোলোৱাকৈ ব্যক্তিগত মৈমতালি কৰাৰ অভিযোগৰ লগতে মধ্যাহ্ন ভোজনত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । একাংশৰ অভিযোগ মৰ্মে প্ৰধান শিক্ষক জনে কমিচনৰ বিনিময়ত ইউনিফৰ্ম নিম্নমানৰ কৰিছে বুলি অভিযোগত প্ৰকাশ । আনহাতে , মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম , ছয় মাহত মাত্ৰ ৬৭ দিন ছাত্ৰ ছাত্ৰীক ভোজন দিয়া হয় যদিও চৰকাৰী তালিকা মতে যিবোৰ আহাৰ দিব লাগে , সেইবোৰ নিদি নিম্নমানৰ খাদ্যৰ যোগান ধৰে। উক্ত বিদ্যালয়ৰ পুৰণি বিল্ডিংটো বিক্ৰী কৰি নতুন বিল্ডিং বনোৱা হয় যদিও পুৰণি বিল্ডিং বিক্ৰীৰ টকা প্ৰধান শিক্ষকেজনে আত্মসাত কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰহমপূৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । ইপিনে , কেইদিনমান পূৰ্বে ৰহমপুৰ জি চি আৰ হাইস্কুলৰ সামগ্ৰীক অনিয়মৰ তদন্ত কৰি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক দুযোৰকৈ ইউনিফৰ্ম যোগান ধৰাৰ দাবীত আৰু প্ৰধান শিক্ষক জনৰৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বৰপেটা বিদ্যালয় সমূহৰ পৰিদৰ্শক, ডি ই ই ও বৰপেটা ,লৈ স্থানীয় অভিভাবক -অভিবাবিকা সকলে স্মাৰক পত্ৰ প্ৰেৰণ কৰে যদিও জিলা শিক্ষা বিভাগৰ পৰা কানসাৰ নাপালে বুলি অভিযোগ উঠিছে ।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close