Uncategorized

ভাৰতীয় জনতা পাৰ্টি দঃশালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত স্বৰ্ণকন্যা হিমালৈ জনোৱা হ’ল ৰাজহুৱা উষ্ম অভিনন্দন

ভাৰতীয় জনতা পাৰ্টি দঃশালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত স্বৰ্ণকন্যা হিমালৈ জনোৱা হ’ল ৰাজহুৱা উষ্ম অভিনন্দন

‌দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী ৭ চেপ্তেম্বৰ :সমগ্ৰ অসমৰ লগতে আজি স্বৰ্ণ জয়ৰে অসমক গৌৰাম্বিত কৰা হিমা দাসক উষ্ম অভিনন্দন জনোৱাৰ উদ্দেশ্যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি দঃশালমাৰা মানকাচৰ জিলা সমিতি উদ্যোগত আজি বিয়লি ৩ বজাত হাটশিঙিমাৰীত এখন ৰাজহুৱা উষ্ম অভিনন্দন অনুষ্ঠান কাৰ্যসূচী পালন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে জিলা ক্ৰিড়া সংগঠনৰ সম্পাদক শুকুৰ আলী আৰু তেখেতক ফুলাম গামোছাৰে সম্ভৰ্ধন জনায় আবু নাছিৰ ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে আশৰাফুল আলম , পৰিতোষ শাহা আৰু বিভিন্ন পৰ্যায়ৰ বিজেপি কৰ্মী তথা শতাধিক ৰাইজ ৷ সেই ৰাজহুৱা উষ্ম অভিনন্দন অনুষ্ঠানত হিমাক ভাৰতীয় জনতা পাৰ্টি দঃশালমাৰা মানকাচৰ জিলা সমিতিৰ পৰা অভিনন্দন জনায়। বিশ্ব এথেলেটিক্স চেম্পিয়নশ্বিপত সোণৰ পদক আৰু এছিয়ান গেমছত দুটাকৈ ৰূপৰ আৰু এটা সোণৰ পদক লাভ কৰি অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাইছিল “ধিং এক্সপ্ৰেছ” হিমা দাসে ৷ হিমা দাসৰ জীৱনৰ সফলতা কামনাৰে অনুষ্ঠানৰ কাম সমাপ্ত কৰে বুলি জানিব পৰা গৈছে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close