Uncategorizedঅসম

ভূটান সীমান্তৰ কাউলীত অবৈধ সুৰাৰ ঘটি উচ্ছেদ

ভূটান সীমান্তৰ কাউলীত অবৈধ সুৰাৰ ঘটি উচ্ছেদ

দুৰ্নীতিৰ দৰ্পন সেৱা, বাক্সা , তামুলপুৰ , ১৭ মাৰ্চ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বৃহত্তৰ কাউলী অঞ্চলত বিগত কেইবা বছৰ ধৰি একাংশ অসাধু ব্যক্তিয়ে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে। বিভিন্ন সময়ত সুৰাৰ ঘাটিত সুৰাপায়ীয়ে অসামাজিক কাৰ্য কালাপ সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে অঞ্চলটোত সুৰাৰ বাবেই দুৰ্ঘটনাত পতিত হৈ বহু লোকে মৃত্যু বৰণ ও কৰিবলগা হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত এই অবৈধ সুৰাৰ ঘাটি প্ৰশাসনে উচ্ছেদ কৰি অহাৰ সময়তে আজি বিয়লি কাউলি অঞ্চলটোৰ চন্দনপুৰ, পাহাৰপুৰ,বাঘমাৰা, আদি ঠাইত আৰক্ষীৰ এটা দলে চি আৰ পি এফ বাহিনী, আৰু আৰ পি এফ বাহিনীক লগত লৈ এক যৌথ অভিযান চলাই মণিকান্ত দাস আৰু বেজেন মণ্ডল নামৰ দুই লোকৰ বিপনিৰ পৰা বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ কৰে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close