Uncategorizedঅসম

মাজুলীত বিজেপিৰ মুখপাত্ৰ ডাঃ নোমল মোমিনৰ সংবাদ মেল : অসমৰ ১৪খন আসনেই মোদীক উপহাৰ দিবলৈ আহবান

মাজুলীত বিজেপিৰ মুখপাত্ৰ ডাঃ নোমল মোমিনৰ সংবাদ মেল : অসমৰ ১৪খন আসনেই মোদীক উপহাৰ দিবলৈ আহবান

দুৰ্নীতিৰ দৰ্পন সেৱা; মাজুলী, কল্পজিৎ শ‌ইকীয়া, ৭এপ্ৰিল : অসমত লোকসভাৰ নিৰ্বাচনৰ প্ৰথম প্ৰৰ্যায়ৰ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ১৪নং লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত মাজুলীবাসীৰ লগতে অসমবাসীক ভাৰতীয় জনতা পাৰ্টী সপক্ষে ভোট দান কৰিবলৈ আহবান জনালে ৰাজ‍্যিক বিজেপিৰ মুখপাত্ৰ ডা: নোমল মমিনে । আজি আবেলি ৩বজাত মাজুলী বিজেপিৰ মূখ্য কাৰ্যালয় গড়মূৰত এখন সংবাদমেল সম্বোধন কৰি কয় , সত্ৰনগৰী মাজুলীৰ উন্নয়ণমূলক কাম কাজ অসম চৰকাৰ উন্নয়ণমুখী নীতিৰ ফল বুলি উল্লেখ কৰে । মাজুলীৰ যাতায়ত ব‍্যৱস্থা যথেষ্ট উন্নত হৈছে । মাজুলী সুৰক্ষা কাৰনে কেন্দ্ৰীয় চৰকাৰে ২৩৮ কোটি টকা আৱন্তন দিয়া, মাথাউৰি সবলীকৰণ, জিঅ’ বেগ সস্থাপনৰ কাৰনে ২৮কিলোমিটাৰ কাম চলাই আছে। এইয়া বিজেপি চৰকাৰৰ উন্নয়ণ বুলিও কয়। মুখপাত্ৰ মমিনে মাজূলী স্বাস্থ্য খণ্ডলৈ অতি সোনকালে যোৰহাট মেডিকেল কলেজৰ সম্প্ৰসাৰণেৰে মাজুলীত আৰম্ভ হব। যাৰ জৰিয়তে যোৰহাট মেডিকেল কলেজৰ চিকিৎসক আহি মাজুলীতে চিকিৎসা সেৱা আগবঢ়াব। এই ব্যৱস্থা আৰম্ভ হলে মাজুলী বাসীয়ে অস্ত্ৰোপ্ৰচাৰকে আদি কৰি সকলো সূবিধালাভ কৰিব। ডাঃ মমিনে কয় যে ড০হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বলিষ্ঠ নেতৃত্বত যোৱা ২বছৰ ১০মাহত ৰাজ‍্যৰ সকলো শ্ৰেণীৰ মানুহৰ উন্নয়ণ সম্ভৱ হৈ উঠিছে আৰু তাৰ অংশ স্বৰূপে মাজুলী আৰু যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ প্ৰাৰম্ভিক ডিপি আৰৰ কাম দ্ৰুত গতিত চলি আছে। অসমৰ সকলো জাতি জনগোষ্ঠীক সমদৃষ্টি আৰু সমমৰ্যদাৰে বিজেপি চৰকাৰৰ খনে আকোৱালি লোৱা বাবে অসমৰ পাহাৰৰ ভৈয়ামৰ জনসাধাৰণে সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰ খনক অতি আন্তৰিকতাৰে গ্ৰহণ কৰিছে তাক বিগত নিৰ্বাচন সমূহৰ ফলাফলে স্পষ্ট ধাৰনা দিছে । অসমৰ চাহ জনগোষ্ঠীৰ বাবে চৰকাৰ খনে লোৱা পদক্ষেপ ইয়াৰ পূৰ্বে কংগ্ৰেছৰ চৰকাৰে দিব পৰা নাছিল বুলি উল্লেখ কৰে । এই নিৰ্বাচনত বিজেপি, বিপিএফ দল,আৰু অসম গণপৰিষদ মিত্ৰযোঁটে ১৪খন আসনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বুলি উল্লেখ কৰে। অসমৰ সকলো জিলাৰ পৰা অহা বিজেপি দলৰ প্ৰতি বেদন অনুসৰি ১২ খন আসনত জয়ী নিশ্চিত বুলি কোৱা লগতে শেহতীয়াকৈ অহা বাংলাদেশী মুছলমান অধ‍্যুষিত এলেকাত আৰু কিছু কষ্ট কৰিলেই ১৪খন আসনেই বিজেপি মিত্ৰযোঁটে পাব বুলি সদৰী কৰে । আসমৰ দ্ৰুত উন্নয়নৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন কৰিবলৈ অসমবাসীক বিজেপি সপক্ষে ভোটদান কৰিবলৈ আহবান জনায়।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close