মাজুলী অফলামুখ ফেৰী ঘাটত পানীত নামি মাজুলী, যোৰহাট সংযোগী দলং বিচাৰি উত্তাল প্ৰতিবাদ

0
37

মাজুলী অফলামুখ ফেৰী ঘাটত পানীত নামি মাজুলী, যোৰহাট সংযোগী দলং বিচাৰি উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পন সেৱা : জিলা প্ৰতিনিধি মাজুলী , অফলামুখ ঘাটৰ পৰা : কল্পজিৎ শইকীয়া , ১২ জুলাই : মাজুলীৰ অফলা মুখ ফেৰী ঘাট ত বক্ষ্মপুত্ৰৰ বাহনী পানীত নামি আজি একাংশ যুৱকে উত্তাল প্ৰতিবাদ সাবস্ত কৰে । অফলামুখ ফেৰী ঘাটতত একাংশ সচেতন যুৱক আৰু বণ্যাৰ্ত ই ফেৰী ঘাটতত পানীত নামি হাতে হাতে আমাক দলং লাগে , চৰকাৰৰ মিঠ্যাচাৰ বন্ধ কৰক, আমাৰ যাতায়তি সমস্যা সমাধান কৰক আদি দাবী সংবলিত প্লেকাৰ্ড লৈ এই প্ৰতিবাদ সাৱস্ত কৰে। উল্লেখ্য যে আজি ৪ দিন ধৰি ফেৰী বন্ধ হৈ থকাৰ বাবে মাজুলীৰ ২ লক্ষ্য জনতা জলবন্দী হৈ আছে । দুই এদিনত মাজুলীবাসী ভীষন খাদ্য সংকটত পৰাৰ সম্ভাৱনা আছে, ইফালে ৰোগী সকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ছাত্র ছাত্ৰী সাধাৰন গঞা বহি:জগতৰ লগত যোগাযোগ কৰিব নোৱাৰাৰ লগতে নিদিষ্ট চৰকাৰী কামত যোৰহাট যাব লগা লোক সকলে অকাই পকাই ডিব্ৰুগড় হৈ যমৰ যাতনা ভোগী যোৰহাট যাব লগা হোৱা পৰিস্থিতিয়ে সকলোকে বিপাঙন পেলাইছে । সেয়ে সকলোৱে বাৰুকৈ অনুভৱ কৰিছে এখন দলংঙৰ । ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰী তে আধাৰ শিলা স্থাপন কৰা দলংঙৰ দুৰ্ভাগজনক ভাৱে আজিলৈ ডিপি আৰ খনকে হৈ নুথিল যাক লৈ এতিয়া মাজুলী বাসীয়ে পৰিৰ্বতন কামী কেন্দ্ৰীয় বিজেপি চৰকাৰ খনক সমালোচনা কৰিছে । মাজুলী বাসীৰ এই জ্বলাকলা পৰিবেশৰ অৱসান বিচাৰি আজি অফলামুখ ফেৰী ঘাটতত পানীত পৰি এই সকল যুৱকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী দলং নিৰ্মাৰ কাম খৰতকীয়া কৰাৰ লগতে প্ৰাৰম্ভিক দাবী পুৰন কৰিবলৈ আহ্বান জনাইছে। মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰা অসমৰ মুখ্যমন্ত্ৰীক মাজুলী বাসীৰ যাতায়তী দুৰ্দশাৰ অনুধাৱন কৰিবলৈ আহ্বান জনাইছে । কেৱল দলংঙৰ নামত ৩ বছৰৰ পূৰ্বে ফটা ঢোল বজাই ভোট ভিক্ষা কৰা বুলিহে আন একাংশ সচেতন ৰাইজে প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here