Uncategorizedঅসম

মানকাচৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত “জেঠ.আই.এছ.ও” দল “হোৱাইট ওৱাস” ,

“মানকাচৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত “জেঠ.আই.এছ.ও” দল “হোৱাইট ওৱাস” ,
“আই.এছ.এফ” দলৰ আটাই কেইজন প্ৰাৰ্থীয়েই নিৰ্বাচিত

দুৰ্নীতিৰ দৰ্পণ সেৱা, মানকাচৰৰ পৰা ফাৰহাদ আহমেদ আৰু তুশাল আলমৰ যৌথ প্ৰতিবেদন, ৬ অক্টোবৰ :- দঃশালমাৰা মানকাচৰ জিলাৰ মানকাচৰ মহাবিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ বাবে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হয় । আবেলি ছাত্ৰ একতা সভাৰ ভোট গননাৰ পিছত “ইউ.ডি.এছ.এফ আৰু “এন.এছ.ইউ.আই” সমৰ্থিত “আই.এছ. এফ” (ইন্ডিপেন্ডেন্ট ষ্টুডেন্ট’ছ ফেডাৰেছন) দলৰ আটাই কেইজন প্ৰাৰ্থীয়েই নিৰ্বাচিত হয় । ছাত্ৰ সংগঠন টোৱে মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম সমৰ্থিত “জেঠ.আই.এছ. ও” (জাবেদ ইছলাম ষ্টুডেন্ট’ছ ওৰগেনাইজেছন) ছাত্ৰ সংগঠনৰ আটাই কেইজন প্ৰাৰ্থীকে শোচনীয় ভাবে পৰাজিত কৰে । আই.এছ.এফ নামৰ ছাত্ৰ সংগঠন টোৰ সাঃসম্পাদক হাছিব উদ্দিন হিকমোতিয়াৰে তেওঁৰ নিকটতম প্ৰতিদ্বন্ধী জেঠ.আই.এছ.ও নামৰ ছাত্ৰ সংগঠনৰ পাৰভেজ ইছলামক ১৬৮ টা ভোটৰ ব্যৱধানত পৰাস্থ কৰে ৷ নৱ নিৰ্বাচিত “আই.এছ.এফ” ছাত্ৰ সংগঠনটোৰ প্ৰাৰ্থী সকল ক্ৰমে (১) ছাবিৰ হাচনাদ,সভাপতি (২) জিন্নাতুন ইয়াছমিন উপ সভাপতি (৩) হাছিব উদ্দিন হিকমোতিয়াৰ, সাধাৰণ সম্পাদক (৪) ৰাকিবুল হোচেন, সহঃ সম্পাদক (৫) ইজেদা ইয়াছমিন, তৰ্ক বিভাগৰ সম্পাদক (৬)ছনিয়া সুলতানা, আলোচনী বিভাগৰ সম্পাদক (৭) ধ্ৰৱজিৎ বৰ্মন, সাংস্কৃতিক বিভাগৰ সম্পাদক (৮) শাৰীপ মিয়া,বহিঃ বিভাগৰ খেল সম্পাদক (৯) আবু বক্কৰ ছিদ্দিক, অন্তঃ বিভাগৰ খেল সম্পাদক (১০) ফুলচান্দ মিয়া, সামাজিক বিভাগৰ সম্পাদক (১১) হুছনে মিন ফাৰিয়া ,ছোৱালী জিৰণী কোঠা সম্পাদক আৰু (১২) অনুপ পাল, ল’ৰাৰ জিৰণী কোঠা সম্পাদক হিচাপে জয়লাভ কৰে ৷ অহা সোমবাৰে নৱ নিৰ্বাচিত ছাত্ৰ প্ৰতিনিধি সকলে শপথ লোৱাৰ সম্ভাবনা আছে মানকাচৰ মহাবিদ্যালয়ত বুলি বাতৰি পোৱা গৈছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close