Uncategorizedঅসমসাহিত্য

#মানুহ#* 🖊অনুস্মিতা ফুকন বইটামাৰী,বঙাইগাঁও

*#মানুহ#*
🖊অনুস্মিতা ফুকন
বইটামাৰী,বঙাইগাঁও

জীৱনৰ প্ৰথম চকুপানী
যিয়ে হাঁহি বিৰিঙাইছিল
আইৰ ওঁঠত….
জীৱনৰ প্ৰথম হাঁহি
যিয়ে কঢ়িয়াইছিল
পিতাইৰ আশাত ৰেঙণি…॥

একেই উশাহ,একেই হাঁহি
ভিন্ন মনৰ এজনেই গৰাকী
দুখত চকুপানী,
আনন্দত সুখৰ উচুপনি
‘মানুহ’ আমি আৱেগৰ
বশৰ্ৱতী॥

অলেখ জাতিৰ আপোন ধৰ্ম
মানৱতাৰ ঊৰ্দ্ধত নাই
একো কৰ্ম..।
প্ৰেম,ভ্ৰাতৃত্বৰ সবল বান্ধোন
আমি ‘মানুহ’………
ৰঙা তেজৰ একেটিয়েই জীৱন॥

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close