Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

মিলনজ্যোতি জুনিয়ৰ কলেজ কেন্দ্ৰত মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ

মিলনজ্যোতি জুনিয়ৰ কলেজ কেন্দ্ৰত মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , দিদাৰ হুছেইন, হাউলী,১৪ মেঃ অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ অধীনস্থ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সমগ্ৰ ৰাজ্যখনৰ লগতে বৰপেটা জিলাৰ হাউলীৰ ইটাৰভিটাৰ মিলনজ্যোতি জুনিয়ৰ কলেজ কেন্দ্ৰত আজি দিনৰ ১ বজাৰ পৰা শান্তিপূৰ্ণ পৰিৱেশত আৰম্ভ হৈছে আৰু এই পৰীক্ষা ২৮ মে ,২০১৯ লৈ চলি থাকিব ৷ কেন্দ্ৰটোত মুঠ ১৬৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে , ইয়াৰ ভিতৰত পুৰুষ ৬৯ গৰাকী আৰু মহিলা ৯৪ গৰাকী বুলি পৰীক্ষা কেন্দ্ৰ পৰিচালক তথা মিলনজ্যোতি জুনিয়ৰ কলেজৰ অধ্যক্ষ বাবলুৰ ৰহমানে জানিবলৈ দিয়ে ৷ উক্ত পৰীক্ষা কেন্দ্ৰটোত বি,এইচ,কলেজৰ প্ৰৱক্তা ড০ স্বাজাহান আলী আৰু বৰপেটা বিদ্যাপীঠৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চানক্য দাসক বিভাগীয় কৰ্তৃপক্ষই পৰিদৰ্শক হিচাপে নিযুক্তি দিছে বুলি জানিব পৰা গৈছে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close