Uncategorizedঅসম

মুখ্যমন্ত্ৰী – শিক্ষামন্ত্রী মুৰ্দাবাদ ধ্বনিৰে উত্তাল খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

“মুখ্যমন্ত্ৰী – শিক্ষামন্ত্রী মুৰ্দাবাদ ধ্বনিৰে উত্তাল খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত নাম ভৰ্তিকৰনৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

দুৰ্নীতিৰ দৰ্পণ সেৱা, খাৰুপেটিয়া , ২০ ছেপ্তেম্বৰ :: খাৰুপেটীয়া মহাবিদ্যালয়ত ১৮-১৯ শৈক্ষিক বৰ্ষত নামভৰ্তী কৰাৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰী সকলে আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ যোগ্য যে , খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশ নথকাৰ দোহাই দি চলিত বৰ্ষত ক’লা শাখাত স্নাতক শ্ৰেণীত প্রায় ১২ শতাধিক ছাত্র/ছাত্রীয়ে নাম ভৰ্তিকৰণৰ কাৰণে আবেদনৰ প্র-পত্র দাখিল কৰিছিল যদিওঁ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই 1st Semister ত ৮ শতাধিক ছাত্র/ছাত্রীক নাম ভৰ্তিকৰণ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ বিপৰীতে প্রায় ৪ শতাধিক শিক্ষাৰ্থী নাম ভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে তেওঁলোকৰ শিক্ষাৰ অধিকাৰো খৰ্ব কৰা হৈছে । এই সন্দৰ্ভত আমছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে অধ্যক্ষ, জিলা প্ৰশাসন ও গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাই অহাৰ পিছতো যোৱা আগষ্ট মাহত বঞ্চিত হোৱা ছাত্র ছাত্ৰী সকলৰ হৈ দৰং জিলা আমছুৰ সাধাৰণ সম্পাদক নাজিৰ উদ্দীন আহমেদ আৰু খাৰুপেটিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকা আৰু দলগাও ৰাজহ চক্ৰ বিষয়াৰ লগত আলোচনা মৰ্মে ২০০ জন ছাত্র ছাত্ৰীক নাম ভৰ্তি কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল ৷ কিন্তু উক্ত আলোচনাও কাৰ্যকৰী নোহোৱাৰ লগতে আমছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে অধ্যক্ষ, জিলা প্ৰশাসন ও গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, দৰঙ জিলা আমছুৰ সভাপতি আলেপ উদ্দিন, সাধাৰণ সম্পাদকদ্বয় নাজিৰ উদ্দিন আহমেদ মাহবুবুল আলমৰ লগতে , মুছলিম ছাত্ৰ সন্থা,ইউ ডি এছ এফ আদি ছাত্ৰ সংগঠনৰ পাচ শতাধিক প্ৰতিবাদকাৰীয়ে ২০১৮-১৯ বৰ্ষত বঞ্চিত ছাত্র ছাত্ৰী সকলক খাৰুপেটীয়া মহাবিদ্যালয়ত নামভৰ্তি কৰণৰ ব্যৱস্থা কৰা, বিকল্প শ্নাতক মহাবিদ্যালয় প্ৰতিষ্ঠা নকৰালৈকে উক্ত মহাবিদ্যালয়ত শ্নাতক শ্ৰেণীত ছাত্র ছাত্ৰীৰ আসনৰ সংখ্যা বৃদ্ধি কৰা, জনসংখ্যা অনুপাতে বৃহত্তৰ দল গাওত আৰু এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা দলগাওস্থিত পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ত কলা শাখা সংযোজন কৰা, খাৰুপেটিয়াত এখন ছোৱালী মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা আদিৰ বিভিন্ন দাবীত খাৰুপেটীয়া কলেজ চকৰ ১৫ নং ৰাষ্ট্রীয় ঘাই পথ প্ৰায় এঘণ্টা ধৰি অৱৰোধ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্রাচাৰ্য গো বেক ,শিক্ষাবিভাগ হায় হায়, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰা নচলিব আদি বিভিন্ন শ্লোগানেৰে প্রতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে । ঘটনাৰ খবৰ পাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰিতম ৰাজখোৱা , দলগাওঁ ৰাজহ চক্র বিষয়া যুৱৰাজ বৰঠাকুৰ ,ধুলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই প্রতিবাদ স্থলীত উপস্থিত হৈ প্রতিবাদকাৰী সকলৰ লগত আলোচনা মৰ্মে চক্র বিষয়া যুৱৰাজ বৰঠাকুৰে নামভৰ্তি কৰণ সন্দৰ্ভত জিলা প্রশাসন ও মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগত আলোচনা কৰি ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়াৰ পাছতেই প্রতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্যসূচী স্হগীত ৰাখি মুকলি কৰি দিয়ে ১৫ নং ৰাষ্ট্রীয় ঘাইপথ । আনহাতে , ছাত্ৰ সংগঠন সমূহৰ দাবী পূৰণ নহলে পুনৰ তীব্ৰ গন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে আমছু , এন এচ ইউ আই , মুছলিম ছাত্ৰ সন্থা আৰু ইউ ডি এফ এফ নামৰ ছাত্ৰ সংগঠনৰ নেতা সকলে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close