Uncategorizedঅসম

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি ক্ষোভ উজাৰি গেৰুৱা দলৰ পৰা পদত্যাগ সাংসদ আৰ পি শৰ্মাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি ক্ষোভ উজাৰি গেৰুৱা দলৰ পৰা পদত্যাগ সাংসদ আৰ পি শৰ্মাৰ

দুৰ্নীতিৰ দৰ্পণ নিউজ ব্যুৰ’, অমৃত কুমাৰ শৰ্মা,১৭ মাৰ্চঃতেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ বিজেপিৰ পৰা পদত্যাগ | প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে সাংসদ আৰ পি শৰ্মাই | মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাৰ বিৰুদ্ধেও সৰৱ সদ্য পদত্যাগী সাংসদগৰাকী | নিজকে বিশ্বৰ ৭ কোটি গোৰ্খাৰ প্ৰতিনিধি বুলি কৈ আৰ পি শৰ্মাৰ দাবী≈মুখ্যমন্ত্ৰী সোণোৱালৰ সুস্বাস্থ্যৰ বাবে তেওঁ সদায় পূজা কৰে | সোণোৱালে তেওঁৰ হৈ নিশ্চয় মাতিব লাগিছিল | সংবাদ মাধ্যমৰ আগত তেওঁ কয়, মই ললীপপ নাখাওঁ..মই সৰু ল’ৰা নহয়..মোৰ এতিয়া বয়স ৬৩ বছৰ | মই আৰু ললীপপ নাখাওঁ | লগতে অন্য এক সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰাৰো ইংগিত দিয়ে শৰ্মাই | উল্লেখযোগ্য যে, সাংসদগৰাকীৰ পদত্যাগৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিজেপিৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ||

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close