Uncategorized

মৰিগাৱঁত সংগীত বিদ্যালয়ৰ শুভাৰম্ভ

মৰিগাৱঁত সংগীত বিদ্যালয়ৰ শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মৰিগাঁও পৰা চন্দন হীৰাৰ প্ৰতিবেদন , ১০জুন : মৰিগাঁও নগৰৰ ৰজাগাঁৱস্থিত সৰ্বোদয় পাব্লিক স্কুলত যোৱা কালি এখন সংগীত বিদ্যালয়ৰ শুভাৰম্ভ হয় ।দেবেন্দ্ৰ নাথ সংগীত বিদ্যালয় নামেৰে স্থাপন কৰা বিদ্যালয়ৰ খন শুভাৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজ্লন কৰে সমাজসেৱক সোমেশ্বৰ নাথে । সৰ্বোদয় পাব্লিক স্কুলৰ সভাপতি ভোগৰাম কাকতিয়ে সভাপতিত্ব কৰা শুভাৰম্ভ অনুষ্ঠানৰ সভাত বিশিষ্ট বক্তা হিচাপে ভাগ লোৱা চিকিৎসক প্ৰশান্ত কুমাৰ খাওন্ড আৰু সমাজসেৱক শৰৎ কোচে সংগীত শিক্ষাৰ ওপৰত ভাষন ৰাখে । মামণী দেৱ পৰিচালনাত পৰিচালিত হবলগীয়া বিদ্যালয় খনিৰ শুভাৰম্ভ অনুষ্ঠানত উদ্যেশ্য ব্যাখ্যা আৰু অনুষ্ঠানৰ আত ধৰে ধনজিৎ কুমাৰ নাথে । অনুষ্ঠানৰ সভাপতিয়ে বিদ্যালয় খনৰ পৰা ছাত্র- ছাত্ৰী সকলৰ বৌদ্ধিক আৰু মানসিক জ্ঞান বিকাশ হব বুলি মন্তব্য কৰে । উল্লেখ্য যে প্ৰতি শনিবাৰে বিয়লি আৰু দেওবাৰে পুৱা ভাগত বিদ্যালয় খনত সংগীত শিক্ষা আগবঢ়োৱা হব বুলি প্ৰকাশ কৰিছে বিদ্যালয় খনৰ পৰিচালক ধনজিৎ কুমাৰ নাথে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close