Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

লাডেনৰ উপদ্ৰৱত আতংকিত ভাৰত-ভূটান সীমান্তৱৰ্তী ৰাইজ

লাডেনৰ উপদ্ৰৱত আতংকিত ভাৰত-ভূটান সীমান্তৱৰ্তী ৰাইজ

দুৰ্নীতিৰ দৰ্পন সেৱা, বাক্সা, তামুলপুৰ , ১৪ মে : বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন ঠাইত তীব্ৰতৰ হৈ পৰিছে লাডেন বাহিনী আৰু মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনাৰীয়া হাতীৰ জাকৰ উপদ্ৰবে নিদ্ৰাহৰণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ। বিশেষকৈ জাকৰ পৰা ফালৰি কাটি অহা লাডেন নামৰ বনৰীয়া হাতীটো সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ ৰাইজৰ। বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাৰত -ভূটান সীমান্তৰ মঞ্জুৰগাঁওত যোৱা নিশা লাডেন নামৰ হাতীটোই প্ৰৱেশ কৰি তাণ্ডৱ চলায়। হাতীটোৱে মঞ্জুৰগাঁওত প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ গাওঁখনত তীব্ৰ আতংকৰ সৃষ্টি হয় আৰু ঘৰ দুৱাৰ এৰি মানুহবোৰে নিৰাপদ স্থানত আশ্ৰয় লয়। খাদ্য বিচাৰি অকলশৰীয়া হাতীটোৱে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি ঘৰৰ ভিতৰত মজুত ৰখা ধান, চাউল আদি খাই তাহিলং কৰাৰ উপৰিও ঘৰৰ ভিতৰৰ আচবাব ভাঙি-ছিঙি ওৰে নিশা গাওঁখনত তাণ্ডৱ চলায়। ৰাইজে জুই জ্বলাই, ফটাকা ফুটাই, কাঁহী-বাতি বজাই চিঞৰ-বাখৰ কৰি হাতীটো খেদিবলৈ চেষ্টা কৰিও বিফল হয়। প্ৰকাণ্ড হাতীটোৱে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তাণ্ডৱ চলোৱাৰ উপৰিও বাৰীৰ তামোল-নাৰিকল গছ,কল গছ, আদি ভাঙি পেলাইও উপদ্ৰৱ কৰে। প্ৰায় প্ৰতিদিনেই হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা লডেন নামৰ হাতীটোৰ নিৰবছিন্ন উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে সীমান্তৱৰ্তী ৰাইজ। উল্লেখ্য যে এই অকলশৰীয়া হাতীটোৰ আক্ৰমণত বিগত সময়ত বহু লোকৰ মৃত্যুও ঘটিছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close