Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

লিডুত ১৬ তম্ কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু , বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন কৰিলে অভিনেত্ৰী সুস্মিতাই

লিডুত ১৬ তম্ কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু , বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন কৰিলে অভিনেত্ৰী সুস্মিতাই

দুৰ্নীতিৰ দৰ্পন সেৱা , উজ্জ্বল চৌধুৰী , মাৰ্ঘেৰিটা , ১৪ মে : লিডুত আজিৰে পৰা আৰম্ভ হৈছে ১৬ তম্ কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু সন্মিলন ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লিডু বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহুমেলা খনি ৷ আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্-যাপন সমিতিৰ সভাপতি বিমল সিঙে , স্মৃতি তৰ্পন কৰে উদ্-যাপন সমিতিৰ সম্পাদক কাঞ্চন বৰাই আৰু তাৰ পাছতেই লিডুৰ ৰাজপথেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩০ টা কৈওঁ অধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা দেখা গল ৷ ইফালে , বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বেহাৰবাৰী আউটপষ্ট চিৰিয়েলৰ সুস্মিতা নামে খ্যাত মোহময়ী অভিনেত্ৰী পাৰবিন চুলতানাই ৷ ৰঙালী বিহুৰ উদ্-যাপন স্থলীৰ পৰা লিডু পেট্ৰল পাম্পৰ লৈকে পদযাত্ৰা কৰা শোভাযাত্ৰাত কেইবাশতাধিক লোকে স্বত:স্ফুত ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ আনহাতে , শোভাযাত্ৰাৰ শেষত শিল্পী পাৰবিন চুলতানাই ৰাইজক উদেশ্য কৰি তেখতৰ স্বভাৱ সূলভ ভঙ্গীমাৰে কেইবাটাওঁ সংলাপ উপস্থাপন কৰে ৷৷ মুঠৰ ওপৰত বিহুমেলা খনিৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আপ্লুট কৰি তুলাৰ পৰিলক্ষিত হ’ল ৷ উল্লেখ্য যে , শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী সুস্মিতা তৃষাৰে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close