Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

শিলাদিত্যক উভতি ধৰিলে বাঙালী ফেডাৰেশ্বনয়ে , হিন্দু বাঙালীৰ হাৰাশাস্তি বন্ধ নহ’লে এক হব ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘু

শিলাদিত্যক উভতি ধৰিলে বাঙালী ফেডাৰেশ্বনয়ে , হিন্দু বাঙালীৰ হাৰাশাস্তি বন্ধ নহ’লে এক হব ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘু

দুৰ্নীতিৰ দৰ্পণ সেৱা , গুৱাহাটীৰ পৰা বাপ্পী সৰকাৰৰ ৰিপোর্ট , ১৪ মে : সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন আজি এক সংবাদ মেলৰ আয়োজন কৰে দিছ্পুৰ প্ৰেছ ক্লাবত ৷ তাত ফেডাৰেচনৰ কেন্ত্রীয় সভাপতি কমল চৌধুৰীয়ে সাংবাদিক ওচৰত গুৰুতৰ অভিযোগ কৰে যে , এন আৰ চিৰ নামত হিয়েৰিং কৰা লৈ যথেষ্ট কষ্ট কৰিব লগা হৈছে । লগতে কয় যে , যদি অসম চৰকাৰ এ হিন্দু বেংগলী সকলক যদি এন আৰ চিৰ নামত এনেকৈ হাৰাশাস্তি হৈ থাকে , তেন্তে তাৰ পৰিনাম ভুগিব লাগিব এই চৰকাৰ খনে ৷ ইপিনে , গুৰুতৰ অভিযোগ কৰি বৰ্তমান সময় বেংগলী যি সকল নেতা পালি নেতা কংগ্ৰেছ আৰু বিজেপিত আছে , তেওঁ লোকে অতি কম সময়ৰ মাজত সেই দল ত্যাগ কৰি বেংগলী সকলৰ হৈ ৰাজপথত নামিব লাগে বুলি উল্লেখ কৰে । যদি এনেকৈ চলি থাকে বেংগলী সকলৰ ওপৰত অত্যাচাৰ , তেনেহলে 2021 ত নতুন ৰাজনৈতিক দল বনাব আৰু হিন্দু বাঙালী আৰু ধৰ্মীয় মুছলমান সকলক লৈ একে লগে আন্দোলনৰ কাৰ্যসূচী ল’ব ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close