উদীয়মান কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিক সংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি প্ৰদান

46

উদীয়মান কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিক সংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা, মহুৰামুখ,২০ ফেব্ৰুৱাৰী: বোকাখাত মহকুমাৰ মহুৰামুখৰ বান ক্ষতিগ্ৰস্ত কৰা বৰটিকা গাৱঁৰ উদীয়মান সংগীত শিল্পী,ভি চি ডি এলবামৰ প্ৰয়োজক,পৰিচালক,গীতিকাৰ,স‌ংগীত ব্যৱস্থাপক জৰ্জ কুমাৰ বৰিৰ ওৰফে জৰ্জ বিজয়াক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি অলপতে প্ৰদান কৰে৷নৈ পৰীয়া বৰটিকা গাৱঁত ডাঙৰ দীঘল হোৱা পিতৃ অবনি কুমাৰ বৰিৰ পুত্ৰ জৰ্জ কুমাৰ বৰিয়ে জৰ্জ বিজয় নামেৰে ২০০৬ চনত নিজে ৰচনা কৰি সুৰ কৰা “জোন-জোনালী” শীৰ্ষক গীতটি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সতে কন্ঠ দান কৰাৰ পিছৰে পৰা একানপটীয়াকৈ সংগীতৰ চৰ্চাত মনোনিৱেশ কৰে৷জৰ্জ বিজয়ে ইতিমধ্যে ২০০৭ চনত বিমান বৰুৱাৰ পৰিচালিত বিহুগীতৰ এলবাম “কাঁচিজোন”ত “কনেং ঐ কনেং”,২০০৮ চনত অসমীয়া বোলছবি “মহাযুদ্ধ”ৰ তিনিটা গীতত কথা-সুৰ দিয়াৰ লগতে কন্ঠ দানো কৰে৷২০০৯ চনত মৌচুম গগৈৰ সতে “ঐয়া”,২০১০ ত “মাকন”,২০১৩ ত “ঢৌ” বোলছবিত,২০১৫ ত “চিলিম টানা”,ৰিপুঞ্জয় গগৈৰ বিহু এলবাম “জোন”,তৰুলতা কুটুমৰ জনপ্ৰিয় বিহু গীতৰ এলবাম সৰুভনীত কন্ঠ দান কৰাৰ ওপৰিও বহুকেইটা এলবামত নিজেই গীত লিখি সুৰ কৰা,স‌ংগীত পৰিচালনা কৰাৰ লগতে স‌ংগীত ব্যৱস্থাপনা নিজেই কৰি বহু জনপ্ৰিয় গীত অসমৰ ৰাইজক উপহাৰ দিছে।পিতৃৰ কৰ্মসূত্ৰে বোকাখাতত থাকি নিজা বাসগৃহতে এটি ষ্টুডিঅৰ ব্যৱস্থা কৰি নিজা চাউন ট্ৰেকত নিজৰ স‌ংগীত সম্পাদনাৰ কৰাৰ উপৰিও বহু শিল্পীৰ গীত সম্পাদনা কৰি আহিছে।অসমত কেছেত আৰু ভিচিডি বন্ধ হোৱাৰ পিছৰে পৰা ইন্টাৰনেটৰ, চচিয়েল মাধ্যমত গীত, ভিডিঅ ৰিলিজ হোৱাৰে পৰা একেধাৰে অসমৰ স‌ংগীত জগতত নিজৰ নাম উজ্বলাই ৰাখিছে।”বৰ্হমথুৰী” এলবামৰ “ৰহেদৈ”,২০১৬ ত “হিমালয় পৰ্বত”,“মাজুলীৰ কনেং”,২০১৭ ত “মিছিং চোতাল বিহু”,২০১৮ ত ললিত লইংৰ স’তে “বগৰী কাঠৰ নাঙল”,২০১৯ ত “ভবাতো নাচিলো”,“এখন ভঙা হৃদয়”,“দেউতা”,২০২০ ত তৰুলতা কুটুমৰ “কাজে মিছিং ঐ” আৰু “খ্ৰীষ্টমাচ চং”, নয়ন সাগৰৰ “হিয়াৰ লগৰী”,ৰূপান্তৰ বৰাৰ “পাবজি বিহু” ৰ উপৰিও তেওঁ জানমণি আই লাভ ইউ,জানমনি ইজ বেক,জানমনি বিহু বিহু লাগে,হিমালয় পৰ্বত ,চকুত চকু পৰেনে, আদিৰ দৰে গীত ৰচনা কৰি নিজে কন্ঠ দান কৰিছে ভিডিঅ বনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷শেহতীয়াকৈ মুক্তি পাব লগীয়া গীত” ল‌ং লিভ অছাম” গীতটো অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী গৰাকী।কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিৰ এনে প্ৰচেষ্টাক জন্মস্থান বৰটিকা বাসীৰ লগতে নৈপৰীয়া ৰাইজে আদৰণি জনাইছে।

Total Page Visits: 14 - Today Page Visits: 3