EditorUncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ চতুৰ্দশ বাৰ্ষিক বহাগী উৎসৱ উদ্‌যাপন

শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ চতুৰ্দশ বাৰ্ষিক বহাগী উৎসৱ উদ্‌যাপন

দুৰ্নীতিৰ দৰ্পণ , নিউজ ব্যুৰ’, অমৃত কুমাৰ শৰ্মা,১৪ মে’–বিগত বৰ্ষসমূহৰ দৰে এই বছৰো শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান”সমন্বয় সাংস্কৃতিক গোষ্ঠী” ৰ উদ্যোগত আৰু শিল্পী সমাজ,অসম শিৱসাগৰ জিলা সমিতিৰ সহযোগত দ’লপথ, শিৱসাগৰ সাৰ্ব্বজনীন দুৰ্গাপূজা মণ্ডপৰ স্থানত আয়োজন কৰা “চতুৰ্দশ বাৰ্ষিক বহাগী উৎসৱ” সফলতাৰে সামৰণি পৰে ৷ পুৱা অনুষ্ঠানৰ সভাপতি তথা চিত্ৰ-আলোকচিত্ৰ শিল্পী জিতেন কাকতিয়ে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলন কৰাৰ পিছতেই বিহুৱান উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি জিতু চৌধুৰীয়ে ৷ স্মৃতি তৰ্পণ কৰে প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই ৷ তাৰ পাছত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কবি অজিত গগৈৰ সঞ্চালনাত কবিতা আলোচনী “সঁজাল” ৰ সৌজন্যত স্বৰচিত কবিতা পাঠৰ অনুস্থান অনুষ্ঠিত হয় ৷ কবি-লেখিকা অশ্ৰুমনি দত্ত ঘোষে পৰিচালনা কৰা উক্ত অনুস্থানত জ্যেষ্ঠ কবি প্ৰেম গগৈকে আদি কৰি প্ৰায় ৩০ গৰাকী নবীন প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰে ৷ আনহাতে দিনৰ ১ বজাৰ পৰা ক্ৰমে জেং-বিহু, পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বিহুনাচ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিজয়ী প্ৰতিযোগীসকলক সমাজকৰ্মী অপূৰ্ব কুমাৰ শৰ্মা,কৃষ্ণকান্ত শৰ্মা, ৰেণু প্ৰিয়া দেৱী, মুক্তিযোদ্ধা মনবৰ কলিতা, সমাজসেৱিকা ৰংদৈ কলিতা, সমাজকৰ্মী ৰুদ্ৰেশ্বৰ শৰ্মা, সুৰবালা দেৱী, সমাজসেৱক বিশেশ্বৰ দাস সোঁৱৰণী সুন্দৰ বঁটা আৰু প্ৰশংসা পত্ৰৰে সন্মানিত কৰা হয় ৷ সন্ধিয়া গীতিকাৰ, সুৰকাৰ তথা কন্ঠশিল্পী ৰাতুল কৃষ্ণ শৰ্মা (তেজপুৰ) আৰু ভাস্কৰ্য্য শিল্পী ৰাজীৱ বুঢ়াগোহাঁইক সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে বিহুৱান, জাপি, সম্বৰ্ধনাপত্ৰ আৰু স্মৃতি স্মাৰকেৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ৭ বজাত স্মৃতিগ্ৰন্থ সমন্বয় (চতুৰ্থ) উন্মোচন কৰে ৰংপুৰ সাহিত্য সভাৰ সভাপতি মনোজ বৰঠাকুৰে ৷ তেওঁ সমন্বয় সাংস্কৃতিক গোষ্ঠী ৰ কৰ্মৰাজিৰ শলাগ লয় ৷ আনফালে , বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজৰ অনুভৱ ব্যক্ত কৰে অসম আৰ্চাৰি সন্থাৰ উপ-সভাপতি তথা লেখক জয়ন্ত মাধৱ গগৈ, শিল্পী ৰাজেন্দ্ৰ যোশী আদিয়ে ৷ নিশাৰ সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী হিচাপে অংশগ্ৰহণ কৰি গীত পৰিবেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী মূৰ্চ্ছনা দাস আৰু পংকজ প্ৰাণে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close