Uncategorizedঅসমবিনোদন

শিৱসাগৰ যুৱদলৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

শিৱসাগৰ যুৱদলৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

দুৰ্নীতিৰ দৰ্পণ ব্যুৰ’, অমৃত কুমাৰ শৰ্মা, ২৮ অক্টোবৰ:- শিৱসাগৰ যুৱদলৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু বাতানুকূল প্ৰেক্ষাগৃহ উন্মোচন অনুষ্ঠান ২৭ অক্টোবৰত সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যুৱদলৰ থানেশ্বৰ দত্ত সোঁৱৰণী প্ৰেক্ষাগৃহত বক্তৃতা, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কাৰ্য্যক্ৰমণিকা অনুসৰি পুৱা ৯.০০ বজাত পতাকা≈ উত্তোলন কৰে শিৱসাগৰ যুৱদলৰ সভাপতি কাৰ্ত্তিক চন্দ্ৰ দত্তই ৷ স্মৃতি তৰ্পণ কৰে যুৱদলৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক সোণাৰাম বৰুৱাই ৷ ৯.৩০ বজাত পৰিৱেশ পৰিস্কাৰ অভিযানৰ লগতে বৃক্ষৰোপণ কৰে যুৱদলৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ বিৰেন বৰুৱাই ৷ ইয়াৰ পাছতেই শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহৰ শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰ শুভাৰম্ভ কৰে শিৱসাগৰ পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহই ৷ আনহাতে, যুৱদলৰ উপ-সভাপতি বিমান শেনচোৱা বৰুৱা আৰু সম্পাদক চাদিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই ৷ ১১.৩০ বজাৰ পৰা কমল বৰুৱা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতা উদ্বোধন কৰে শিক্ষাবিদ খগেন ভূঞাই ৷ বিচাৰক হিচাপে উপস্থিত আছিল মানস প্ৰতিম গগৈ, পঞ্চাণন বৰঠাকুৰ আৰু পংকজ জ্যোতি হাজৰিকা ৷ বক্তৃতা প্ৰতিযোগিতাত প্ৰথম আস্থাৰাণী শইকীয়া (জাঁজী চন্দ্ৰধৰ গগৈ শংকৰদেৱ বিদ্যা নিকেতন)৷ দ্বিতীয় নয়ন জ্যোতি বৰঠাকুৰ (বৰপাত্ৰ দল উচ্চ মাধ্যমিক বিদ্যালয় কালুগাওঁ)আৰু তৃতীয় আবু বক্কৰ ছিদ্দিক( বৰপাত্ৰ দল উচ্চ মাধ্যমিক বিদ্যালয়, কালুগাওঁ)৷ দিনৰ ১.০০ বজাত দীপালী বৰঠাকুৰ আৰু জয়ন্ত হাজৰিকাৰ কন্ঠৰ সংগীত প্ৰতিযোগিতা অনুস্থিত হয় ৷ দেৱ হাজৰিকাই উদ্বোধন কৰা সংগীত প্ৰতিযোগিতাত বিচাৰক হিচাপে আছিল মিনা শৰ্মা, প্ৰণতি বৰুৱা, প্ৰবীণ হাজৰিকা আৰু মল্লীকা দেৱী মহন্ত ৷ উক্ত প্ৰতিযোগিতাত প্ৰথম হৰ্ষিত নাথ , দ্বিতীয় প্ৰজ্ঞা কোঁৱৰ আৰু তৃতীয় দীক্ষিতা বৰা ৷ আনহাতে , বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ঈষান প্ৰয়াম বৰা ,ৰিয়া কোঁৱৰ আৰু সুতৃষ্ণা ভাগৱতীয়ে ৷ সন্ধিয়া ৫.০০ বজাত যুৱদলৰ প্ৰাঙ্গণত ৫১ গছি বন্তি প্ৰজ্বলন কৰা হয় ৷ মূল প্ৰজ্বলকৰূপে উপস্থিত থাকে যুৱদলৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ৰজনী চাংকাকতি ৷ ৫.৩০ বজাত নৃত্য প্ৰতিযোগিতা আৰম্ভ হয় ৷ উক্ত প্ৰতিযোগিতা উদ্বোধন কৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ যুৱদলৰ সভাপতি কাৰ্ত্তিক চন্দ্ৰ দত্তই আৰক্ষী অধীক্ষকক আদৰণি জনাই ৷ নৃত্য প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম স্থান লাভ কৰে কস্তুৰী বৰপাত্ৰ , দ্বিতীয় স্থান লাভ কৰে অম্বেষা চুতীয়া আৰু তৃতীয় স্থান লাভ কৰে পৰিমা বৰুৱাই ৷ উদ্‌গণ বঁটা লাভ কৰে স্বতীকা নন্দিনী বৰা আৰু তৃষা বৰুৱাই ৷ “খ” শাখাত প্ৰথম স্থান লাভ কৰে অধ্যাপ্ৰিয়া দত্ত , দ্বিতীয় স্থান লাভ কৰে অংগিৰা বৰুৱা আৰু তৃতীয় স্থান লাভ কৰে অৰ্চিতা তামুলীয়ে ৷ আনহাতে, উদ্‌গণি মূলক বঁটা লাভ কৰে নাতাশা বৰঠাকুৰে ৷ সকলো বিজয়ী প্ৰতিযোগীক কাৰ্ত্তিক চন্দ্ৰ দত্ত, ৰতন শইকীয়া, অৰ্ণৱ ৰঞ্জন চাংমাই ,প্ৰদীপ গগৈ, বিমান শেনচোৱা বৰুৱা আৰু কল্যাণী বৰুৱা ন্যাসৰ দ্বাৰা বঁটা প্ৰদান কৰা হয় ৷ বঁটা বিতৰণ কৰে শিৱসাগৰ যুৱদলৰ সদস্যবৃন্দই ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close