Uncategorizedঅসম

শিৱসাগৰ ৮৪তম্‌ বাৰোৱাৰী দুৰ্গা পূজা আৰু দশম বাৰ্ষিক শৰৎ উৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি*

*শিৱসাগৰ ৮৪তম্‌ বাৰোৱাৰী দুৰ্গা পূজা আৰু দশম বাৰ্ষিক শৰৎ উৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি*

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ ব্যুৰ’, অমৃত কুমাৰ শৰ্মা, ১৩ অক্টোবৰ:—

👉🏻১৪ অক্টোবৰ , দেওবাৰৰ পৰা ঐতিহাসিক শিৱসাগৰ নগৰৰ কালী প্ৰসাদ সোঁৱৰণী ভৱন প্ৰাঙ্গণত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো শিৱসাগৰ বাৰোৱাৰী পূজা কমিটিৰ উদ্যোগত আৰু বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰৰ সহযোগত ৮৪তম্‌ শ্ৰীশ্ৰী দুৰ্গা পূজাৰ লগতে দশম শৰৎ উৎসৱৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে | উল্লেখযোগ্য যে শাৰদীয় উৎসৱটিৰ মুখ্য আকৰ্ষণ হ’ব, দুৰ্গাৰ ৯ টা ৰূপ | যিটো মূল মণ্ডপৰ যোগেদি প্ৰতিফলিত হোৱাৰ লগতে আলোক সজ্জাৰে সু-সজ্জিত কৰিব | প্ৰতিদিনে পূজা মণ্ডপত ঢাক, কুৰকুৰী, পেঁপা আৰু জয়ঢোৰ বিশেষ ঝংকাৰ | ইয়াৰ উপৰি
শৰৎ উৎসৰ অন্তৰ্গত কেউদিনতে উৎসৱৰ লগত সংগতি ৰাখি ন-পুৰনি শিল্পীৰ দ্বাৰা শৰৎ সন্ধ্যাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু মহাঅষ্টমীৰ নিশা স্মৃতি গ্ৰন্থ “কাত্যায়নী” উন্মোচন কৰা হ’ব | অন্যহাতে বাৰোৱাৰী মহিলা মঞ্চৰ সৌজন্যত উজনি অসম ভিত্তিত মহাসপ্তমীৰ পুৱা ১০ বজাৰ পৰাই গোসাঁনী নাম ,
শঙ্খ ধ্বনি আৰু উৰুলি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব|ইচ্ছুক প্ৰতিযোগীক ৯৪৩৫৩
৫৬১৫৩ অথবা ৯৬৭৮৮ ১২৪৬৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে |

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close