Uncategorizedঅসম

সন্মুখত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনঃশিৱসাগৰ শলগুৰি আঞ্চলিকত অগপৰ নিৰ্বাচনী সভা

সন্মুখত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনঃশিৱসাগৰ শলগুৰি আঞ্চলিকত অগপৰ নিৰ্বাচনী সভা

দুৰ্নীতিৰ দৰ্পণ , ব্যুৰ’ অমৃত কুমাৰ শৰ্মা ,৩০ অক্টোবৰঃ-অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ শিৱসাগৰ ৰংপুৰ জিলা পৰিষদৰ শলগুৰি আঞ্চলিকত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলটোক সবল কৰাৰ লগতে সকলো আঞ্চলিকৰ কৰ্মীসকলক ৱাৰ্ডত জয়ী কৰাৰ লগতে অগপৰ সৃষ্টি জনমানসত শক্তিশালী কৰি ৰাইজৰ মাজলৈ অগপক লৈ যোৱাৰ বাবে ২৯ অক্টোবৰ, দেওবাৰে দলীয় কৰ্মী আৰু শুভাকাংখীৰ মাজত এক সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে প্ৰদীপ মহন্তই ৷বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ক্ৰমে অগপৰ কেন্দ্ৰীয় সম্পাদক(সংগঠনৰ) দিগন্ত কোঁৱৰ , অগপৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ভাৰতী শইকীয়া । দলটোৰ প্ৰতি ৰাইজৰ আস্থা লোৱাৰ লগতে ৱাৰ্ডবোৰ জয়ী কৰাবৰ বাবে কেনেকৈ আগবাঢ়িব লাগিব ইয়াৰ ওপৰত নেতা সকলে বিশেষ মন্তব্য দাঙি ধৰে । অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সংগঠনৰ দায়িত্বত থকাৰ বাবে পঞ্চায়ত সমূহত প্ৰাৰ্থী জয়ী কৰাৰ পৰ্য্যায়ক্ৰমে প্ৰথম পদক্ষেপ আৰম্ভ কৰা হৈছে । আজি এই আলোচনা সভাত অসম সাংস্কৃতিক পৰিষদৰ কেন্দ্ৰীয় উপ- সভাপতি সঞ্জীৱ ফুকন, অগপৰ জিলা সমিতিৰ উপ-সভাপতি মুহি কান্ত দাস ,সমষ্টি সমিতিৰ সম্পাদক ৰুবুল বৰা , জ্যেষ্ঠ সদস্য ৰাজেন ফুকন , ৰবিন খাটনিয়াৰ ,ভাৰতী শইকীয়া , কৃষ্ণ চেতিয়া , খগেন শৰ্মা, শৰৎ হাজৰিকা , অসম যুৱ পৰিষদৰ সম্পাদক ডাঃ আলতাফ আদি উপস্থিত থাকি বক্তব্য দাঙি ধৰে ৷ কৰ্মী তথা শুভাকাংখী সকল উপস্থিত থকা উক্ত সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰংপুৰ জিলা পৰিষদৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close