কবি,গল্পকাৰ, প্ৰৱন্ধকাৰ তথা সমাজসেৱিকা চোনিয়া মুক্তিয়াৰলৈ ২০২১ বৰ্ষৰ ‘মহীয়সী বঁটা’

34

কবি,গল্পকাৰ, প্ৰৱন্ধকাৰ তথা সমাজসেৱিকা চোনিয়া মুক্তিয়াৰলৈ ২০২১ বৰ্ষৰ ‘মহীয়সী বঁটা’

দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ৫ ছেপ্টেম্বৰ : নগাঁও জিলাৰ কলিয়াবৰ নিৱাসী চোনিয়া মুক্তিয়াৰ অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ চলিত বৰ্ষৰ “মহীয়সী বঁটাৰ বাবে নিৰ্বাচিত হৈছে । চোনিয়া মুক্তিয়াৰৰ পিতৃ প্ৰয়াত হেমোধৰ মুক্তিয়াৰ আৰু মাতৃ প্ৰয়াত লিলি মুক্তিয়াৰ । খুৰী মা চিকুণ মুক্তিয়াৰৰ মৰমৰ আঁচলত ডাঙৰ হোৱা চোনিয়া মুক্তিয়াৰ জ্যেষ্ঠ ভাতৃ অনিল মুক্তিয়াৰ আৰু পৰিয়ালৰ সকলোৰে অনুপ্ৰেৰণাত সাহিত্য চৰ্চা কৰি আহিছে । সপ্তম শ্ৰেণীত পঢ়ি থকা সময়তে কলিয়াবৰৰ পৰা প্ৰকাশিত ‘অনুশীলন ‘আলোচনীত ‘মা’ শীৰ্ষক কবিতাৰে প্ৰথম সাহিত্য জগতত আত্মপ্ৰকাশ কৰা চোনিয়া মুক্তিয়াৰে বিদ্যালয়ৰ বাৰ্ষিক সুকুমাৰ কলা প্ৰতিযোগিতাত নৱম আৰু দশম শ্ৰেণীত গল্প প্ৰতিযোগিতাত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল । দুই-এটা কবিতা আৰু গল্প লিখিবলৈ আৰম্ভ কৰিছিল যদিও পিছৰফালে ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাছিল । কিন্তু ২০১৬ বৰ্ষৰ পৰা সামাজিক মাধ্যম ‘ফেচবুক’ৰ বিভিন্ন সাহিত্য গোটৰ মজিয়াত পুনৰ সাহিত্য সৃষ্টিৰ কৰ্ষণ আৰম্ভ কৰিলে । বিভিন্ন সাহিত্যৰ গোটত কবিতা,অণুগল্প, গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ উপৰিও অসম ভিত্তিত আয়োজিত গল্প প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । চোনিয়া মুক্তিয়াৰ বৰ্তমান কলিয়াবৰৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ‘বিমলা একাডেমী’ত শিক্ষকতা কৰাৰ উপৰিও গ্ৰন্থাগাৰিক হিচাপে কৰ্মৰত হৈ আছে । বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে ফেচবুকৰ এটি জনপ্ৰিয় সাহিত্যৰ গ্ৰুপ “কলঙৰ পাৰত সাহিত্য সংস্কৃতিৰ-সমন্বয় মঞ্চ,অসম”ত প্ৰশাসিকা হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে । চোনিয়া মুক্তিয়াৰে প্ৰকৃতি,মানৱপ্ৰেম,বিষাদক বিষয়বস্তু হিচাপে লৈ সহজ-সৰলভাৱে মনৰ ভাব প্ৰকাশ কৰা ‘এচেৰেঙা ৰ’দৰ সন্ধানত” প্ৰথমখন কাব্য সংকলনে পাঠক সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে । জনপ্ৰিয় লেখিকা গৰাকীৰ ইতিমধ্যে দুখন গল্প সংকলন ক্ৰমে “স্বপ্ন দুঃস্বপ্নৰ আঁৰে আঁৰে”,”সোণাৰুৰ আলফুলীয়া হাঁহি” আৰু প্ৰথমখন অণুগল্প সংকলন ‘মৈত্ৰেয়ী ‘প্ৰকাশৰ পথত । ইয়াৰ উপৰিও অসমৰ আগশাৰীৰ বিভিন্ন বাতৰি কাকতৰ লগতে আলোচনী সমুহত বিভিন্ন লিখনি প্ৰকাশ পাই অহা চোনিয়া মুক্তিয়াৰক অহা ২৬ ছেপ্টেম্বৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকা গৃহ প্ৰেক্ষাগৃহত মহীয়সী বঁটাৰে সন্মানিত কৰিব ।