জনিয়াত তৃণমূল কংগ্ৰেছৰ পৰ্যবেক্ষক সভা 

76
জনিয়াত তৃণমূল কংগ্ৰেছৰ পৰ্যবেক্ষক সভা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ২২ আগষ্টঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জনিয়াত আজি তৃণমূল কংগ্ৰেছৰ আকস্মিক নিৰ্বাচন সন্দৰ্ভত এখন পৰ্যবেক্ষক সভা অনুষ্ঠিত হৈ যায় । লামডিং জিলাৰ তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সদস্য টুডো আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত পৰ্যবেক্ষক সভাত বিগত বিধান সভা নিৰ্বাচনত ১৬ টা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে কি কাৰণত উক্ত নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হল , তাৰে ওপৰত সভাখনত বিতংভাৱে পৰ্যালোচনা কৰা হয় । উক্ত সভাত ক্ৰমে যমুনামুখ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰিজিৱান আহমেদ , জনিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এ. জলিল তালুকদাৰ , গোৱালপাৰা পশ্চিম সমষ্টিৰ নিজাম উদ্দিন , গোৱালপাৰা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জিয়াউল হক আদি কৰি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীয়ে দলটোক আগন্তুক দিনত কেনেকৈ সাংগঠনিক ভেটি মজবুত কৰি আগুৱাই লৈ যাব পাৰি , তাৰ ওপৰত বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰে । ইপিনে , জনিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এ. জলিল তালুকদাৰে সাংবাদিকৰ আচুতীয়া সাক্ষাৎকাৰত কয় যে , বৰ্তমান গো-হত্যা নিবাৰণৰ নামত , স্কল-মাদ্ৰাছাৰ মুছলমান ছাত্ৰ-ছাত্ৰীৰ বৈষম্যতাৰ নামত , ধৰ্মীয় বিভাজনৰ নামত অসমত অৰাজকতাৰ সৃষ্ট হৈছে , সাম্প্ৰদায়িকতাৰ বীজ ৰূপণ হৈ আছে । অসমত এই সাম্প্ৰদায়িকতাৰ বীজ ধ্বংস কৰিব নোৱাৰিলে অসমখন ৰসাতলে যাব । এই অসমখন শংকৰ-আজানৰ দেশ । ইয়াত আমি কেতিয়াও সাম্প্ৰদায়িকতাৰ বীজ ৰূপণ কৰিব নিদিও । আমি আগন্তুক খিলঞ্জীয়াৰ নামত থকা ধাৰাবাহিকতা , এন আৰ চি’ৰ চুপৰিম কোৰ্টৰ অডাৰৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া নাই । গতিকে , আমি অনাগত দিনত এই সন্দৰ্ভত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিম বুলি সাংবাদিকৰ আগত মতপোষণ কৰে ।