টীয়কৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ সন্মান

84
টীয়কৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ সন্মান
 
দুৰ্নীতিৰ দৰ্পণ সেৱা,টীয়ক,২০ আগষ্টঃঃ অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ বিশেষ সন্মান কঢ়িয়াই আনিছে টীয়কৰ যুৱ শিক্ষক কংকন কিশোৰ দত্তই ৷ যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক কংকন কিশোৰ দত্তলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । সৰ্বভাৰতীয় পৰ্যায়ত মুঠ  ৪৪ জন শিক্ষকলৈ আগবঢ়োৱা এই বঁটা অসমৰ বিশেষ দুজন শিক্ষক ক্ৰমে কংকন কিশোৰ দত্ত আৰু বাক্সাৰ বিনন্দ স্বৰ্গীয়াৰীয়ে লাভ কৰিছে ৷ শৈক্ষিক ক্ষেত্ৰলৈ আগৱঢ়োৱা  অৱদানৰ বাবেই এই দুই শিক্ষকলৈ আগবঢ়াইছে এই সন্মান ৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই দুই শিক্ষকৰ কৃতকাৰ্যত অভিনন্দন আৰু শুভেচ্ছা জনাইছে ৷ কংকন কিশোৰ দত্তৰ নাম ৰাষ্ট্ৰৰ কৃতি শিক্ষক হিচাপে ঘোষণা হোৱাৰ লগে লগেই টীয়কৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজ আনন্দিত হোৱাৰ লগতে টীয়ক আছুকে ধৰি বিভিন্ন দল-সংগঠনে কৃতি শিক্ষক গৰাকীক সম্বৰ্ধনা জনায় ৷