ডিব্ৰুগড়ত আছুৱে প্ৰতিবাদে কপালে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় :বান্ধি দিছে বিশ দিনৰ সময়সীমা

86

ডিব্ৰুগড়ত আছুৱে প্ৰতিবাদে কপালে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় :বান্ধি দিছে বিশ দিনৰ সময়সীমা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ৬ ছেপ্টেম্বৰ : ডিব্ৰুগড় আছুৱে যুটীয়া স্বাস্থ্য সঞ্চালকে ব্যক্তিগত নাৰ্ছিং হোমৰ ওপৰত কোনো ধৰনৰ ব্যৱস্থা হাতত নোলোৱাক লৈ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰে । ডিব্ৰুগড়ৰ জিলাত থকা ব্যক্তিগত চিকিৎসালয় আৰু ব্যক্তিগত পৰীক্ষাগাৰ সমূহে ৰোগীক সহায়ৰ সলনি ডকাইতৰ দৰে ধন ঘটাত উঠি পৰি লাগিছে । ইয়াৰ প্ৰতিবাদত আজি ডিব্ৰুগড় জিলা ছাত্র সন্থাই যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । আছুৰ জিলা সভাপতি বুলবল দত্ত আৰু সাধাৰণ সম্পাদক অৱনী গগৈৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আছুৰ নেতৃত্বই অভিযোগ কৰি কয় যে , চৰকাৰী গাইডলাইনৰ বিৰুদ্ধে কাম কৰিছে ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে । ইয়াৰ লগে লগে ডিব্ৰুগড় চহৰত কাঠফুলাৰ দৰে ব্যক্তিগত পৰীক্ষাগাৰ গঢ় লৈ উঠিছে । কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকাকৈ পৰীক্ষাগাৰসমূহত থকা টেকনিয়াচিয়ান সকলৰ শিক্ষাগত অৰ্হতাক লৈয়ো প্ৰশ্ন তুলিছে । পৰীক্ষাগাৰসমূহে নিৰ্ধাৰিত মূল্যতকৈ উচ্চ দামত আদায় কৰি আহিছে ধন । ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে নাকি লগাব পৰা নাই । এই সন্দৰ্ভত অহা ২০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক দাবী জনাইছে । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ।