তালিবানক সমৰ্থন কৰা সকল দেশদ্ৰোহী  , তালিবানক সমৰ্থন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সকলক উচিত শাস্তিৰ দাৱী বিধায়ক পদ্ম হাজৰিকাৰ 

3942
 তালিবানক সমৰ্থন কৰা সকল দেশদ্ৰোহী  , তালিবানক সমৰ্থন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সকলক উচিত শাস্তিৰ দাৱী বিধায়ক পদ্ম হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৩ আগষ্টঃ তালিৱানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হোৱা সকলৰ উচিত শাস্তিৰ দাৱী কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে এই সন্ধৰ্ভত জামুগুৰিহাটৰ কন্যকা কৃষি পামত সাংৱাদিক সকলৰ আগত কয়-তালিবানক সমৰ্থন কৰা  সকল দেশদ্ৰোহী ৷ তেওঁলোক মানুহৰ শাৰীত নপৰে ৷ তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম , দৃষ্টান্তমূলক শাস্তি দিব লাগে ৷ অসমৰ গৌৰবউজ্বল ইতিহাস ভৰিৰে মোহাৰি অসমৰ মাটিত এনে কথা কোৱাৰ আছলতে তেওঁলোকৰ সাহসেই থাকিব নেলাগিছিল ৷ ভাৰত পাকিস্তানৰ ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটুৱা সকল অসমত থকাৰ অধিকাৰেই নাই ৷ গুৰুজনাই গঢ়ি থৈ যোৱা অসমখনক আমি চেদেলী-ভেদেলি হবলৈ কেতিয়াও দিব নোৱাৰো ৷ এই ক্ষেত্ৰত মূখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ উচিত শাস্তি হব বুলি আমি আশাবাদী বুলি সাংৱাদিকক মন্তৱ্য কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷