নগৰবেৰাৰ যোগীপাৰাত তিনি পাচলি খেতিয়কৰ মূৰত ৰাম টাঙোন শোধালে অচিনাকি দুৰ্বৃত্তই , দুই বিঘা মাটিৰ লাও-কোমোৰাৰ গছ কাটি থৈ গ’ল 

146
নগৰবেৰাৰ যোগীপাৰাত তিনি পাচলি খেতিয়কৰ মূৰত ৰাম টাঙোন শোধালে অচিনাকি দুৰ্বৃত্তই , দুই বিঘা মাটিৰ লাও-কোমোৰাৰ গছ কাটি থৈ গ’ল
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ২২ আগষ্টঃ  কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ শংকৰ কলিতা , অজিত দাস , সমুদ্র দাসে দুই বিঘা মাটিত ব্যৱসায়িক ভিত্তিত কৰিছিল লাও ,  কোমোৰা , লেচেৰি , মাহ আদিবোৰ পাচলি খেতি । নগৰবেৰাত ৩ (তিনি)পাচলি খেতিয়কৰ মূৰত ৰামটাঙোন শোধালে অচিনাক্ত দুৰ্বৃত্তই । এমূৰৰ পৰা কাটি থৈ গ’ল হেন্দালি বগোৱা দুবিঘা মাটিৰ লাও-কোমোৰাৰ গছ ।চকুচৰহা লোকৰ জঘন্য কাণ্ড নগৰবেৰাৰ যোগীপাৰাত তিনি যুৱকে ব্যৱসায়িক ভিত্তিত কৰা দুই বিঘা মাটিৰ লাও-কোমোৰাৰ গছ কাটি থৈ গ’ল অচিনাক্ত দুৰ্বৃত্তই । অঞ্চলটোৰ মন্দিৰা আৰক্ষী চকীৰ অধীনস্থ যোগীপাৰা গাঁৱৰ ক্ৰমে-শংকৰ কলিতা , অজিত দাস আৰু সমুদ্ৰ দাসে দুবিঘা মাটিত ব্যৱসায়িক ভিত্তিত ৰুইছিল লাও ,কোমোৰা , লেচেৰি মাহ আদিবোৰ পাচলি । গছবোৰ ধুনীয়া চেহেৰাৰে হেন্দালি বগাই লাগিব ধৰোতেই কোনোবা দুৰ্বৃত্তই এমূৰৰ পৰা কাটি থৈ গ’ল গুৰিতেই । দেওবাৰৰ পুৱা কিছু পলমকৈ ৰ’দত গচবোৰ লেৰেলিব ধৰাতহে পোহৰলৈ আহিছে এই জঘন্য কাণ্ড । বেংকৰ উপৰি লোকৰ পৰা ধাৰ-ঋণ লৈ তিনিজনে মিলি ৰুইছিল গছবোৰ , লকডাউনৰ বাবে অইন কাম কৰিব নোৱাৰি কৰিছিল এই পাচলি খেতি । পিছে সহ্য নহ’ল চকুচৰহা একাংশৰ আৰু সেয়ে গুৰিতেই এমূৰৰ পৰা কাটি দিলে হেন্দালি বগোৱা গছবোৰ । দুঃশ্চিন্তাত পৰিছে উদ্যমী তিনি খেতিয়ক , আশা-সপোন সকলো নিমিষতে চূৰমাৰ কৰিলে অচিনাক্ত দুৰ্বৃত্তই । চৰকাৰলৈ কিবা এটা সকাহ পোৱাৰ আশাৰে আবেদন জনালে ভুক্তভোগী পাচলি খেতিয়ক তিনিজনেই ।